ISHAN NEWS – Always One Step Ahead of Time…

বিমানৰ শৌচালয়তে বহি মুম্বাইৰ পৰা বেংগালোৰ পালেহি যাত্ৰী! তাৰ পাছত….

0 315

এইবাৰ বিমানৰ শৌচালয়তে বহি মুম্বাইৰ পৰা বেংগালোৰ পালেহি এগৰাকী যাত্ৰী!বিমানত যে আৰু কি কি নহয়! SpiceJetৰ SpiceJet ৰ SG-268 নম্বৰ বিমানত সংঘটিত হল এক আজৱ ঘটনা। বিমানখনৰ এজন যাত্ৰীয়ে শৌচাগাৰৰ চিটত বহিয়েই পালেহি গন্তব্য স্থান বেংগালোৰ। মুম্বাইৰ পৰা বেংগালোৰলৈ যাত্ৰাৰ সময়ত বিমানখনৰ শৌচালয়ত আৱদ্ধ হৈ পৰে লোকজন। যাত্ৰীগৰাকীয়ে বাৰে বাৰে চেষ্টা কৰিও খুলিব নোৱাৰিলে শৌচালয়ৰ দুৱাৰ। দুৱাৰৰ লকৰ বিজুতিৰ বাবে প্ৰায় ১ ঘণ্টাতকৈ বেছি সময় কমোডতে বহি থাকিল তেওঁ। যাত্ৰীগৰাকী ইমানেই বেয়াকৈ আৱদ্ধ হৈ পৰিছিল যে বেংগালোৰত বিমানখন অৱতৰণ কৰাৰ পাছতেই কাৰিকৰী অভিযন্তাৰ সহায়ত দুৱাৰ খুলি তেওঁক উদ্ধাৰ কৰা হয়। শৌচাগাৰত আৱদ্ধ হৈ থকাৰ সময়ত বিমানৰ কৰ্মচাৰীসকলে দুৱাৰৰ তলেৰে এখন শ্লীপ প্ৰেৰণ কৰি আতংকিত নহবলৈ আহ্বান জনায়। এই অনাকাংক্ষিত ঘটনাৰ বাবে অৱ্শ্যে ভুক্তভোগী যাত্ৰীগৰাকীৰ ওচৰত ক্ষমা খুজিছে বিমানখনৰ কৰ্তৃপক্ষই। যাত্ৰীগৰাকীক টিকটৰ সম্পূৰ্ণ ধন ওভতাই দিয়াৰো প্ৰতিশ্ৰুতি কৰ্তৃপক্ষৰ।

Leave A Reply

Your email address will not be published.