পুনৰ অশান্ত মণিপুৰ! বিদ্ৰোহীৰ আক্ৰমণত IRB জোৱানৰ মৃ্ত্যু; সহায় বিচাৰি কেন্দ্ৰলৈ পত্ৰ
পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। নিৰাপত্তাত নিয়োজিত এজন আই আৰ বি জোৱানক উগ্ৰপন্থীয়ে হত্যা কৰাক লৈ পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে ৰাজ্যখনত।
জানিব পৰা মতে, টেংনৌপাল জিলাৰ ম’ৰে চহৰত নিৰাপত্তাত নিয়োজিত এটা দলৰ ওপৰত বিদ্ৰোহী গোটে ভয়ংকৰ আক্ৰমণ চলোৱাৰ লগতে বোমাৰে উৰুৱাই দিয়ে নিৰাপত্তাৰক্ষী চকী।
ঘটনাটোত এজন আই আৰ বি জোৱানৰ মৃত্যুৰ পিছতে মণিপুৰৰ গৃহ বিভাগে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক মেডিকেল ইমাৰ্জেন্সিৰ বাবে হেলিকপ্টাৰ যোগান ধৰিবলৈ দাবী জনাইছে।
ইয়াৰ উপৰি, ঘটনাস্থললৈ সেনা জোৱান আৰু অস্ত্ৰ-শস্ত্ৰবোৰ আকাশী পথেৰে প্ৰেৰণ কৰিবলৈও পত্ৰৰ জৰিয়তে দাবী জনায়।
উল্লেখ্য যে, বিগত ডেৰ-দুমাহৰ ভিতৰত মৰে’ চহৰত নিৰাপত্তাৰক্ষীৰ হত্যাৰ এইটো দ্বিতীয় ঘটনা। আজি পুৱতি নিশা ৩.২৫ বজাত সংঘটিত এই ঘটনাটোত মৃত্যু হোৱা জোৱানজনক সোমৰজিত বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীয়ে জানিব দিয়া মতে, সেই সময়ত কণ্ডোং লাৰেম্বী দেৱী মন্দিৰৰ সমীপৰ আই আৰ বি পোষ্টত কৰ্তব্যত নিয়োজিত আছিল সোমাৰজিত। তেতিয়াই অচিনাক্ত আক্ৰমণকাৰীয়ে গ্ৰেনেডেৰে আক্ৰমণ কৰিছিল আৰু তাৰ পিছত ভয়ংকৰ গুলীচালনা কৰে।
এই ঘটনাৰ পিছতে গৃহ বিভাগৰ আয়ুক্ত টি ৰঞ্জিত সিঙে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ এখন পত্ৰ লিখি অনুৰোধ জনাইছে যে এই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত এখন হেলিকপ্টাৰ জৰুৰীকালীন সেৱাৰ বাবে পঠিয়াব লাগে আৰু ইয়াক কমেও ৭ দিন ইম্ফলত ৰাখিব লাগে।