মণিপুৰত বন্দুকধাৰীৰ আক্ৰমণত BSF-ৰ তিনিজন জোৱান আহত, সান্ধ্য আইন জাৰি
অশান্তজৰ্জৰ মণিপুৰত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। থৌবাল জিলাত অচিনাক্ত বন্দুকধাৰীৰ আক্ৰমণত বি এছ এফৰ কমেও তিনিজন জোৱান আহত হয়।
এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দি কয় যে, বুধবাৰে নিশা একাংশ লোকে থৌবাল আৰক্ষীৰ মুখ্য কাৰ্যালয় ভাঙি লণ্ড ভণ্ড কৰাৰ চেষ্টা চলাই আৰু সেই সময়তে ভিৰৰ মাজৰ পৰা বন্দুকধাৰীয়ে আৰক্ষীক লক্ষ্য কৰি গুলী চলায়।
এই আক্ৰমণত তিনিজন জোৱান গুৰুতৰভাৱে আহত হয়। আহত জোৱান কেইজনক ক্ৰমে কনিষ্টবল গৌৰব কুমাৰ, এ এছ আই সোবৰাম সিং আৰু এ এছ আই ৰামজী বুলি চিনাক্ত কৰা হৈছে।
আঘাতপ্ৰাপ্ত তিনিওজন জোৱানক এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
পৰিস্থিতি উত্তপ্ত হৈ উঠাৰ প্ৰতি লক্ষ্য ৰাখি থৌবাল জিলা প্ৰশাসনে থৌবালত সান্ধ্য আইন জাৰি কৰিছে। সংবাদ মাধ্যম, আদালতত কাম কৰা লোকসকল, বিমান বন্দৰলৈ যোৱা লোকসকলৰ লগতে অত্যাৱশ্যকীয় সেৱাত জড়িত লোকসকলক সান্ধ্য আইনৰ পৰা ৰেহাই দিয়া হৈছে।
উল্লেখ্য যে, বুধবাৰে পুৱতি নিশা টেংনৌপাল জিলাৰ ম’ৰে চহৰত নিৰাপত্তাত নিয়োজিত এটা দলৰ ওপৰত বিদ্ৰোহী গোটে চলোৱা আক্ৰমণত এজন আই আৰ বি জোৱান নিহত হয়। এই ঘটনাৰ পিছৰে পৰা ৰাজ্যখনৰ পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে।