ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ; নিমিষতে বিধ্বস্ত এখন বিশ্ববিদ্যালয়। ISHAN NEWS…
গাজাত অব্যাহত থকা ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণৰ মাজতে পোহৰলৈ আহিছে এটা ভয়ংকৰ ভিডিঅ’, যিটোক লৈ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে বেঞ্জামিন নেতান্যাহু নেতৃত্বাধীন চৰকাৰ।
এই ভিডিঅ’টো পেলষ্টাইনৰ এখন বিশ্ববিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ, যিটো সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে।
বোমা আক্ৰমণৰ এই ঘটনাত ক্ষুন্ন হৈ পৰিছে আমেৰিকা আৰু এই সন্দৰ্ভত ইজৰাইলৰ পৰা বিচাৰিছে উত্তৰ। ভিডিঅ’টোত দেখা গৈছে যে কেনেকৈ এক মূহুৰ্ততে বোমাৰে বিশ্ববিদ্যালয়খনৰ মূল চৌহদটো উৰুৱাই দিয়া হয়।
ছেকেণ্ডৰ ভিতৰতে ধ্বংসস্তুপলৈ পৰিণত হয় বিশ্ববিদ্যালয়ৰ অট্টালিকাটো। এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে বিশ্ববিদ্যালয়খনৰ চাৰিওফালৰ অট্টালিকাবোৰো কঁপি উঠিছিল।
আল ইছৰা বিশ্ববিদ্যালয়ৰ এই চৌহদটোৰ সন্দৰ্ভত ইজৰাইলে দাবী কৰিছিল যে হামাছে ইয়াক নিজৰ শিবিৰৰূপে গঢ়ি তুলিছিল। হামাছে বিশ্ববিদ্যালয়ৰ চৌহদটোক নিজৰ যোদ্ধাসকলৰ ঠিকনা আৰু অস্ত্ৰ ৰখাৰ ঠাই কৰি লৈছিল।
এখন শিক্ষানুষ্ঠানৰ ওপৰত আক্ৰমণৰ বাবে চোকা সমালোচনাৰ সন্মুখীন হৈছে ইজৰাইল। ইয়াৰ উত্তৰত তেওঁলোকে কয় যে তাত কোনো শিক্ষাদান চলি থকা নাছিল বৰঞ্চ সন্ত্ৰাসবাদীৰ ঘাটিহে গঢ়ি তুলিছিল।
ইফালে পেলেষ্টাইনী সংগঠনসমূহে কয় যে ইজৰাইলে নিশাৰ ভিতৰতে গাজা ষ্ট্ৰিপত কেইবাটাও আক্ৰমণ চলাইছে। এই আক্ৰমণত ৭৭ জন লোকৰ মৃত্যু হৈছে।
উল্লেখ্য যে, বিগত বৰ্ষৰ ৭ অক্টোবৰত অতৰ্কিতে ইজৰাইলৰ ওপৰত নৃশংস আক্ৰমণ চলাইছিল হামাছে। এই আক্ৰমণৰ পিছৰে পৰা ইজৰাইলে গাজাত অবিৰতভাৱে আক্ৰমণ চলাই আহিছে।