ছত্তীশগড়ৰ মাও অধ্যুষিত বিজাপুৰ জিলাত নিৰাপত্তা বাহিনীৰ এক অভিযানত ২ গৰাকী মহিলাসহ ৩ জন মাওবাদী নিহত হয়। এই এনকাউণ্টাৰৰ পিছতে নিৰাপত্তা বাহিনীয়ে সেই স্থানত তালাচী চলোৱাত তাত দুগৰাকী মহিলা আৰু এজন পুৰুষ মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰত নিহত মাওবাদী কেইগৰাকীক এই পৰ্যন্ত চিনাক্ত কৰিব পৰা নাই। শনিবাৰে আৰক্ষী বিষয়াসকলে এই তথ্য প্ৰদান কৰে।
এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা মতে, জিলাখনৰ বাছাগুডা থানা এলেকাৰ অন্তৰ্গত বালাম নেদ্ৰা গাঁৱৰ সমীপৰ বেলাম গুটাৰ পাহাৰত সংঘটিত হোৱা এই এনকাউণ্টাৰত নিৰাপত্তাৰক্ষীয়ে দুগৰাকী মহিলাসহ তিনিগৰাকী মাওবাদীক হত্যা কৰে।
তেওঁ কয় যে বালাম নেদ্ৰা গাঁৱৰ বনাঞ্চলত মাওবাদীৰ ২৫ জনীয়া এটা দলে বাহৰ পাতি থকাৰ তথ্য লাভ কৰাৰ পিছতে শুকুৰবাৰে নিৰাপত্তাৰক্ষীৰ এটা যৌথ বাহিনীয়ে ঘটনাস্থললৈ ৰাওনা হয়।
ঘটনাস্থলত অভিযান চলাই থকাৰ সময়তে পুৱা প্ৰায় ৭.৩০ বজাত মাওবাদীৰ দলটোৱে অতৰ্কিতে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়ে চলোৱা গুলীচালনাত ঘটনাস্থলৰ পৰা পলায়ন কৰে মাওবাদীৰ দলটো।
কিন্তু পিছত যেতিয়া নিৰাপত্তা বাহিনীয়ে সেই স্থানত তালাচী চলায় তেতিয়া তাত দুগৰাকী মহিলা আৰু এজন পুৰুষ মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। নিহত নক্সালবাদীক চিনাক্ত কৰিব পৰা নাই।
বিষয়াসকলে জনোৱা মতে, নিৰাপত্তা বাহিনীয়ে ঘটনাস্থলীৰ পৰা অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, মাওবাদী সংগঠনৰ অপপ্ৰচাৰৰ সামগ্ৰী, মাওবাদী ইউনিফৰ্ম, ঔষধ আৰু দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী উদ্ধাৰ কৰে।
বৰ্তমানে নিৰাপত্তাৰক্ষীৰ বৃত বাহিনীয়ে অঞ্চলটোত মাওবাদীৰ বিৰুদ্ধে অভিযান চলাই আছে।