ISHAN NEWS – Always One Step Ahead of Time…

মুম্বাইত বিদেশী নাগৰিকৰ পেটৰ পৰা ওলাল ৬ কোটি টকাৰ কোকেইন

0 217

মুম্বাইত ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডি আৰ আই)ৰ দলে গ্ৰেপ্তাৰ কৰা এজন বিদেশী নাগৰিকৰ পেটৰ পৰা ওলাল কোকেইনভৰ্তি ৫৭টা কেপচুল। চিকিৎসকৰ এটা দলে অস্ত্ৰোপচাৰ কৰি উলিওৱা এই বৃহৎ পৰিমানৰ কোকেইনখিনিৰ মূল্য প্ৰায় ৬ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।

ডি আৰ আইৰ দলটোৱে কোকেইন ভৰ্তি কেপচুলখিনি জব্দ কৰি অভিযুক্তজনক পুংখানুপুংখভাৱে জেৰা চলাই আছে।

ডি আৰ আইৰ সূত্ৰই শনিবাৰে সংবাদ মাধ্যমক জনোৱা মতে, ভেনিজুৱেলাৰ এজন নাগৰিকে ড্ৰাগছ অনাৰ সন্দৰ্ভত গোপনীয় তথ্য লাভ কৰিছে। এই তথ্যৰ ভিত্তিত ১৬ জানুৱাৰীত তেওঁক মুম্বাই বিমানবন্দৰৰ পৰা আটক কৰিছিল।

বিষয়াসকলে তেওঁৰ পেটত কোকেইন থকাৰ সন্দেহ কৰিছিল যদিও অভিযুক্তই বাৰে বাৰে নিজকে নিৰ্দোষী বুলি দাবী কৰিছিল। সেয়েহে অভিযুক্তৰ চিকিৎসা পৰীক্ষা কৰিবলৈ আদালতৰ পৰা অনুমতি বিচাৰিছিল।

আদালতৰ পৰা অনুমতি লাভ কৰাৰ পিছত অভিযুক্তক জে জে চিকিৎসালয়ত ভৰ্তি কৰি এক্স-ৰে আৰু ছ’ন’গ্ৰাফী কৰা হয়। ইয়াৰ পিছতে অভিযুক্তজনৰ পেটৰ ভিতৰত সন্দেহজনক কেপচুল থকাৰ তথ্য লাভ কৰে।

ইয়াৰ পিছতে চিকিৎসকে অস্ত্ৰোপচাৰৰ জৰিয়তে তেওঁৰ পেটৰ পৰা এই ৫৭টা কেপচুল উলিয়াই।

এই কেপচুলবোৰ পৰীক্ষা কৰাৰ অন্তত ইয়াত কোকেইন থকাটো নিশ্চিত হয় তদন্তকাৰী দল। ইয়াৰ পিছত ডি আৰ আইয়ে জব্দ কৰে কোকেইনখিনি। জব্দ কৰা কোকেইনখিনিৰ ওজন ৬২৮ গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ৬ কোটি ২৮ লাখ টকা।

তদন্তৰ সময়ত অভিযুক্তই কয় যে তেওঁক কোকেইন আৰু বিমানৰ টিকট দিয়া হৈছিল। আৰ্থিক অভাৱৰ বাবেই অভিযুক্তজনে ড্ৰাগছখিনি সৰবৰাহ কৰিছিল বুলি জনায়।

Leave A Reply

Your email address will not be published.