অৰুণাচল ভয়ংকৰ পথ দুৰ্ঘটনা; মৃত্যু অসমৰ তিনিজন লোকৰ
অৰুণাচল প্ৰদেশৰ আঞ্জাওত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাটোত অসমৰ তিনিজন লোকৰ কৰুণ মৃত্যু হৈছে।
যুৱক তিনিজনে শনিবাৰে AS23AD7360 নম্বৰৰ এখন ৱেগনাৰ বাহনেৰে অৰুণাচললৈ গৈ থকা অৱস্থাত আঞ্জাওৰ সমীপৰ হাৱাইত পথ দুৰ্ঘটনাত পতিত হয়।
জানিব পৰা মতে, পাহাৰীয়া পথেৰে গৈ থকা সময়তে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ৩০০ ফুট তললৈ পৰি যায়। এই শিহৰণকাৰী ঘটনাটোত লোক কেইজনৰ থিতাতে মৃত্যু হয়।
আটাইকেইজন তিনিচুকীয়াৰ মাকুমৰ ৰাজাপতি গেৰেজৰ কৰ্মচাৰী আছিল। ইতিমধ্যে এন ডি আৰ এফ আৰু স্থানীয় প্ৰশাসনৰ সহযোগত লোককেইজনৰ মৃতদেহ উদ্ধাৰ কৰি পৰিয়ালক চমজাই দিয়ে।
ইয়াৰ পিছতে যাৱতীয় সকলো কাম-কাজ সম্পূৰ্ণ কৰাৰ পিছত পৰিয়ালৰ লোকে আজি তেওঁলোকৰ মৃতদেহ কেইটা তিনিচুকীয়ালৈ লৈ আনে।
মৃত লোক কেইজনক পুনিত শৰ্মা, নাগেন্দ্ৰ শ্বাহ আৰু দিলীপ ডেকা বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, দুৰ্ঘটনাত মৃত্যু হোৱা এই লোক কেইজনে অৰুণাচলৰ হাৱাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ জেনেৰেটৰ মেৰামতি কৰিবলৈ গৈছিল।