সোণৰ খনিত ভয়ংকৰ ভূমিস্খলন; ৭০ ৰো অধিক শ্ৰমিক নিহত ishan news…
মালিত সংঘটিত হৈছে এক বৃহৎ দুৰ্ঘটনা। সংবাদ সংস্থা এফ পিৰ এক প্ৰতিবেদন অনুসৰি সোণৰ খনিত হোৱা ভূমিস্খলনৰ ফলত ৭০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। বুধবাৰে সংঘটিত হয় এই ঘটনা।
মালি বিশ্বৰ অন্যতম দৰিদ্ৰ দেশ। এই দেশখন আফ্ৰিকাৰ অন্যতম প্ৰধান সোণ উৎপাদনকাৰী দেশ।
উল্লেখ্য যে, মালিৰ সোণৰ খনিসমূহত প্ৰায়ে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ থকা দেখা যায়।
দক্ষিণ-পশ্চিম কাংগাবা চহৰৰ এজন বিষয়া ওমৰ ছিডিবেই সংবাদ সংস্থা এ এফ পিক কয় যে ঘটনাস্থলীৰ আশে-পাশে থকা অঞ্চলত ২০০ৰো অধিক সোণৰ খনি আছে। এতিয়াও অব্যাহত আছে শ্ৰমিকৰ সন্ধান। বৰ্তমান খনিটোৰ পৰা ৭৩টা মৃতদেহ উলিয়াই অনা হৈছে।
এই ঘটনাৰ পিছত চৰকাৰে কেৱল নিৰ্দিষ্ট মানদণ্ডৰ ভিত্তিতহে শ্ৰমিকসকলক খনিৰ ভিতৰলৈ যাবলৈ আহ্বান জনাইছে।
তথ্য অনুসৰি মালিৰ খনন খণ্ডত বিদেশী গোটৰ আধিপত্য আছে। বছৰ বছৰ ধৰি দেশখনত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ মাজতো কানাডাৰ বেৰিক গোল্ড আৰু বি টুগল্ড, অষ্ট্ৰেলিয়াৰ ৰিজ’লিউট মাইনিং আৰু ব্ৰিটেইনৰ হামিংবাৰ্ড ৰিচ’ৰ্ছকে ধৰি বিদেশী কোম্পানীয়ে কাম কৰি আহিছে।