মধ্যপ্ৰদেশৰ উজ্জয়িনীত সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। শুকুৰবাৰে নিশা অঞ্চলটোৰ এগৰাকী স্থানীয় বিজেপি নেতাৰ ঘৰত অচিনাক্ত দুষ্কৃতিকাৰীৰ এটা দলে প্ৰৱেশ কৰি নেতা আৰু তেওঁৰ পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে।
উজ্জয়িনীৰ দেৱাছ পথত অৱস্থিত পিপলোডা গাঁৱত সংঘটিত এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
এ এছ পি গুৰু প্ৰসাদ পৰাশৰে কয় যে বিজেপিৰ জ্যেষ্ঠ নেতা ৰামনিবাস কুমাৱত আৰু তেওঁৰ পত্নী মুন্নীবাইক ঘৰতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰা হৈছে। ডকাইতৰ দলেই এই ঘটনা সংঘটিত কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰে এ এছ পিয়ে।
বৰ্তমান আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ তদন্ত কৰি আছে।
জানিব পৰা মতে, শুকুৰবাৰে নিশা বিজেপি নেতা ৰামনিবাস কুমাৱত আৰু তেওঁৰ পত্নী মুন্নীবাই ঘৰতেই আছিল। হঠাৎ এটা দুষ্কৃতিকাৰী দলে লুণ্ঠনৰ উদ্দেশ্যেৰে ঘৰত প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে ৰামনিবাস আৰু তেওঁৰ পত্নীক আক্ৰমণ কৰে।
আজি পুৱা ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে নৰৱাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকেশ জৰ্দাৰে নিজৰ দলৰ সৈতে সেই স্থানত উপস্থিত হয়। ইয়াৰ পিছতে আৰক্ষী অধীক্ষক শচীন শৰ্মা আৰু এফ এছ এলৰ এটা দল সেই স্থানত উপস্থিত হয়।
উল্লেখ্য যে, হত্যাকাণ্ড সংঘটিত হোৱা নিশা বিজেপি নেতা ৰামনিবাস কুমাৱত আৰু তেওঁৰ পত্নীৰ বাহিৰে আন কোনো সদস্য ঘৰত নাছিল।