ISHAN NEWS – Always One Step Ahead of Time…

বিৰোধীৰ আশা ভংগ কৰি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নীতিশ কুমাৰৰ

0 286

বিহাৰত পুনৰ এবাৰ বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন। সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত আজি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে।

জেডিইউৰ বিধায়িনী দলৰ বৈঠকৰ অন্তত ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰে নীতিশ কুমাৰে।

নীতিশ কুমাৰৰ এই পদক্ষেপৰ লগে লগে আৰজেডি, জেডিইউ, কংগ্ৰেছ আৰু বাওঁপন্থীৰ মিত্ৰতা ভংগ হয়।

ৰাজনৈতিক মহলত চলি থকা চৰ্চা অনুসৰি, নীতিশ কুমাৰে পুনৰ এবাৰ বিজেপিৰ সমৰ্থনত চৰকাৰ গঠনৰ দাবী কৰিব।

নতুন চৰকাৰত মুখ্যমন্ত্ৰী হৈয়ে থাকিব নীতিশ কুমাৰ। তেওঁৰ লগতে দুজন বিজেপি নেতা উপ-মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে। উপ-মুখ্যমন্ত্ৰী কোন হ’ব সেই সন্দৰ্ভত এতিয়াও কোনো নিৰ্দিষ্ট নেতাৰ নাম পোহৰলৈ অহা নাই।

অৱশ্যে সূত্ৰৰ পৰা জানিব পৰা মতে, সুশীল মোদী আৰু ৰেণু দেৱী উপ-মুখ্যমন্ত্ৰী হ’ব পাৰে।

ইফালে, সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আজি বিয়লি ৪ বজাত নতুন চৰকাৰত মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব পাৰে নীতিশ কুমাৰে। এইবাৰ নৱমবাৰৰ বাবে নীতিশ কুমাৰে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰিব।

সূত্ৰই জনোৱা মতে, ৬ৰ পৰা ৮জন নেতাই মন্ত্ৰী হিচাপে শপত ল’ব পাৰে। জিতন ৰাম মাঞ্জীৰ দলো নতুন চৰকাৰত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে।

স্মৰ্তব্য যে, ১০ বছৰত ছবাৰকৈ নীতি সলনি কৰি বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত লোৱা নীতিশ কুমাৰ হ’ব দেশৰ প্ৰথমগৰাকী ব্যক্তি।

উল্লেখ্য যে, বিহাৰৰ ৰাজনীতিত এই ওলট পালট খবৰৰ পিছতেই বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহ বিহাৰলৈ ৰাওনা হ’ব বুলি খবৰ প্ৰকাশ পাইছে।​

Leave A Reply

Your email address will not be published.