ISHAN NEWS – Always One Step Ahead of Time…

হায়দৰাবাদৰ তন্ময় আগৰৱালে গঢ়িলে কেইবাটাও বিশ্ব অভিলেখ

0 365

হায়দৰাবাদৰ প্ৰতিভাৱান বেটছমেন তন্ময় আগৰৱালে শনিবাৰে নিজৰ নামত গঢ়িলে আন এক বিশ্ব অভিলেখ। শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফী প্লেট গ্ৰুপৰ খেলখনত মাত্ৰ ১৪৭টা বলত ত্ৰিশতক অৰ্জন কৰি অভিলেখ গঢ়িছিল তন্ময়ে।

শুকুৰবাৰে ১৬০টা বলত ৩২৩ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ আছিল তন্ময়। শনিবাৰে তন্ময়ে নিজৰ ইনিংছত অধিক ৰান যোগ দিব নোৱাৰিলে আৰু অৱশেষত ৩৬৬ ৰানত আউট হয়।

প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ব্রায়ান লাৰাৰ অপৰাজিত ৫০১ ৰানৰ অভিলেখ ভংগ কৰিবলৈ ব্যর্থ হ’লেও তন্ময়ে এই ইনিংছটোৰ জৰিয়তে নিজৰ নামত কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হয়৷

তন্ময় আগৰৱালে নিজৰ ইনিংছত মুঠ ২৬টা ছয় কোবাইছিল, যিটো বিশ্ব অভিলেখ। শুকুৰবাৰে দিনান্তলৈকে ২১টা ছয় কোবাইছিল তন্ময়ে। শনিবাৰে আৰু ৫টা ছয় কোবাবলৈ সক্ষম হয় তন্ময়ে।

তন্ময় আগৰৱালাৰ পূৰ্বে প্ৰথম শ্ৰেণীৰ মেচত সৰ্বাধিক ছয় কৰাৰ অভিলেখ আছিল নিউজিলেণ্ডৰ কলিন মুনৰোৰ নামত, যিয়ে প্ৰথম শ্ৰেণীৰ মেচত ২৩টা ছয় কোবাইছিল।

তন্ময়ে ১৪৭টা বল খেলি নিজৰ ত্ৰিশতক সম্পূৰ্ণ কৰে। বলৰ ক্ষেত্ৰত এইটোৱেই হৈছে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ ইতিহাসৰ আটাইতকৈ দ্ৰুততম ট্ৰিপল চেঞ্চুৰী। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল মাৰ্কো মাৰেইছৰ নামত, যিয়ে ২০১৭ চনত ১৯১টা বলত ত্ৰিশতক অৰ্জন কৰিছিল।

ত্ৰিশতক সম্পূৰ্ণ কৰিবলৈ তন্ময়ে সময় লয় ১৮৩ মিনিট। সময়ৰ ক্ষেত্ৰত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত এয়া দ্বিতীয় দ্ৰুততম ত্ৰিশতক। সময়ৰ ক্ষেত্ৰত সৰ্বাধিক দ্ৰুত ত্ৰিশতকৰ অভিলেখ আছে ডেনিছ কম্পটনৰ নামত, যিয়ে ১৯৪৮ চনত এমচিচিৰ হৈ খেলি থকাৰ সময়ত ১৮১ মিনিটত ত্ৰিশতক অৰ্জন কৰিছিল।

তন্ময় আগৰৱালে ১১৯টা বলত নিজৰ দ্বিশতক সম্পূৰ্ণ কৰিছিল। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত এয়া দ্বিতীয় দ্ৰুততম দ্বিশতক। ২০১৭/১৮ চনত মাত্ৰ ৮৯টা বলত দ্বিশতক অৰ্জন কৰা ছফিকুল্লাহ শ্বিনৱাৰীয়ে।

তন্ময় আগৰৱালাই প্ৰথম ইনিংছত কৰা ৩৬৬ ৰানৰ এই ইনিংছটো ৰঞ্জি ট্ৰফীৰ ইতিহাসত যৌথ চতুৰ্থ সৰ্বাধিক ব্যক্তিগত স্ক’ৰ। আনহাতে এইটোৱেই হায়দৰাবাদৰ বাবে যৌথভাৱে সৰ্বোচ্চ ব্যক্তিগত স্ক’ৰ। ১৯৯৪ চনত অন্ধ্ৰৰ বিৰুদ্ধে হায়দৰাবাদৰ হৈ একে সংখ্যক ৰান সংগ্ৰহ কৰিছিল মাতুৰি শ্ৰীধৰে।

তন্ময় আগৰৱালে নিজৰ ইনিংছত বাউণ্ডেৰীৰ জৰিয়তে ২৯২ ৰান (৩৪ চাৰি আৰু ২৬ ছয়) সংগ্ৰহ কৰে, যিটো প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত এজন বেটছমেনে বাউণ্ডেৰীৰ পৰা সংগ্ৰহ কৰা দ্বিতীয় সৰ্বাধিক ৰান।

এই তালিকাত প্ৰথম স্থানত আছে ব্রায়ান লাৰা, যিয়ে বাউণ্ডেৰীৰ পৰা ৩০৮ ৰান (৬২ চাৰি আৰু ১০ ছয়) সংগ্ৰহ কৰিছিল। ভাৰতীয় বেটছমেনৰ তালিকাত প্ৰথম স্থানত আছে তন্ময় আগৰৱাল।

Leave A Reply

Your email address will not be published.