আছুৰ ক’লা পতাকাৰ ৰাজনীতি । ISHAN NEWS…
”আছুৰ ক’লা পতাকাৰ ৰাজনীতি ”
এটা সময় আছিল যি সময়ত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক শান্তিৰে এটা পলক থাকিব দিয়া নাছিল। মহন্ত য’লৈকে যায় তাতেই আছু কৰ্মীয়ে বিক্ষোভ প্ৰদৰ্শন কৰে। ক’লা পতাকা প্ৰদৰ্শন কৰে। ২০০১ চনৰ পিছত সেই পৰিৱেশ সমগ্ৰ ৰাজ্যত সুলভ হৈ পৰিছিল। মহন্তৰ বিৰুদ্ধে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল আছু নেতা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। আছুৰ এই বিক্ষোভৰ যুক্তি আছিল দৃঢ়। মহন্ত মুখ্যমন্ত্ৰী হোৱাৰ দ্বিতীয় কালছোৱাত আলফা দমনৰ নামত সমগ্ৰ ৰাজ্যত চলিছিল নিৰ্বিচাৰ গুপ্ত হত্যা। চৰকাৰী পৃষ্ঠপোষকতাত এনে গুপ্ত হত্যা চলাৰ অভিযোগ আনি আছুৱে প্ৰফুল্ল কুমাৰ মহন্তৰ নিদ্ৰা হৰণ কৰিছিল। আছুৰ অন্য এক অভিযোগ আছিল যে অসম চুক্তি ৰূপায়ণত চূড়ান্ত ব্যৰ্থ হৈছে অগপ চৰকাৰ। সেয়ে ক’লা পতাকা, বিক্ষোভ প্ৰদৰ্শনেৰে আছুৱে প্ৰতিবাদ সাব্যস্ত কৰি গৈছিল। এটা গণতান্ত্ৰিক সংগঠন হিচাপে আছুৰ দৰে দায়িত্বশীল সংগঠন এটাৰ সেয়া কৰ্তব্য।
এনে এক পৰিৱেশ চলি থকাৰ মাজতে ২০১০ত প্ৰফুল্ল কুমাৰ মহন্তই সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যলৈ আগবঢ়ায় এক বিশেষ আহ্বান। মহন্তই তেওঁৰ চৰকাৰৰ আমোলত বিভিন্ন ভুল হোৱাৰ কথা স্বীকাৰ কৰাৰ লগতে অসম চুক্তি ৰূপায়ণ কৰিব নোৱাৰাৰ অসমৰ্থতাও স্বীকাৰ কৰে। মহন্তই ভট্টাচাৰ্যক আহ্বান জনায় যাতে তেওঁ অগপত যোগদান কৰি দলক সঠিক বাট দেখুৱায়। চৰকাৰ গঠন কৰি মুখ্যমন্ত্ৰীৰ পদ লৈ অসম চুক্তি সফল ৰূপায়ণৰ বাবেও আহ্বান জনায় ভট্টাচাৰ্যক। সমান্তৰালভাৱে জালুকবাৰী সমষ্টিত অগপৰ টিকটত ভট্টাচাৰ্যক নিৰ্বাচন খেলাৰ বাবেও আহ্বান জনায়।
উল্লেখ্য যে সেই সময়তো ড০ হিমন্ত বিশ্ব শৰ্মাৰ দখলত আছিল জালুকবাৰী সমষ্টি। অৱশ্যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মহন্তৰ তেনে আহ্বানৰ প্ৰতি কোনো সঁহাৰি নিদিলে। ক’লা পতাকা প্ৰদৰ্শনৰ প্ৰৰিক্ৰমা চলিয়েই আছিল। বহুতে ক’ব বিচাৰিছিল যে সেয়া আছু-অগপৰ সংঘাত নাছিল বৰঞ্চ মহন্ত-ভট্টাচাৰ্যৰ ব্যক্তিগত সংঘাতহে আছিল।
এই পুৰণি আখ্যানৰ প্ৰাসংগিকতা পুনৰ আহি পৰিছে। আছুৰ প্ৰাক্তন সভাপতি দিপাংক নাথ আৰু উপদেষ্টা প্ৰকাশ দাসে শেহতীয়াভাৱে ৰাজনীতিত যোগ দিছে। গণতান্ত্ৰিক দেশ এখনত সেয়া সকলো নাগৰিকৰ ব্যক্তিগত অধিকাৰ। কিন্তু দিপাংক নাথ আৰু প্ৰকাশ দাসৰ ৰাজনীতিত যোগদান সমগ্ৰ ৰাজ্যৰ আলোচ্য বিষয়। সমালোচনাৰ বিষয়। সমালোচনা এইবাবেই হৈছে যে আছুৰ নেতৃত্বত সমগ্ৰ অসমত ৰাষ্ট্রীয় নাগৰিকৰ সংশোধনী আইনৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ হৈছিল। আছুৰ সভাপতি আছিল দিপাংক নাথ, প্ৰকাশ দাস আছিল কাৰ্যকৰী সদস্য। CAA যে সমগ্ৰ ৰাজৰ অমংগল সাধিব বা লাখ লাখ বিদেশী লোকেৰে অসম ভৰি পৰিব বুলি দিপাংক নাথ-প্ৰকাশ দাসে ডিঙিৰ সিৰ ফুলাই ভাষণ দিছিল। এনে ভাষণত উত্সাহিত হৈ প্ৰতিবাদকাৰীয়ে গুৱাহাটী জ্বলাই দিছিল।
আটাইতকৈ ডাঙৰ কথা হ’ল কা’ আন্দোলনত দিপাংক নাথ, প্ৰকাশ দাস, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ দৰে সৰ্বজন গ্ৰাহ্য নেতাৰ ভাষণত আৱেগিক হৈ ফুলকুমলীয়া ল’ৰাকে ধৰি কেইবাজনো লোকে আৰক্ষীৰ গুলীত প্ৰাণ দিয়ে। এই মৃত্যু অথলে যাব নিদিয়ে বুলি উদাত্ত ভাষণ আগবঢ়াইছিল আছু নেতাই।
কা’ ভাল নে বেয়া, ৰাজ্যৰ উপকাৰ সাধিবনে অপকাৰ সাধিব সেয়া কোৱাৰ প্ৰয়োজন নাই। কিন্তু দিপাংক নাথ-প্ৰকাশ দাসহঁতৰ কিছুদিন আগলৈ কা’ক বেয়া বুলিয়েই কয়। যিদিনাখন দুই আছু নেতাই বিজেপিত যোগদান কৰিলে কুকুৰে কাঁইট নোখোৱাকৈ দুয়োকে ৰাইজে গালি পাৰিলে। আছুৰ স্থিতিক লৈও কটূ সমালোচনা। ইয়াৰ পিছত নিয়ম মাফিক স্থিতি স্পষ্ট কৰিছে আছুৰ সভাপতি-সম্পাদকে।
জাতিৰ বিশ্বাসঘাতক, গাড্ডাৰ, ৰাইজে উচিত বিচাৰ কৰিব ইত্যাদি ইত্যাদি। এতিয়া আমাৰ প্ৰশ্ন হৈছে প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে আছুৱে যি ধৰণৰ প্ৰতিবাদ কৰিছিল আজি দিপাংক নাথৰ বিৰুদ্ধে তেনে প্ৰতিবাদ নহয় কিয়? আজি দিপাংক নাথে কৈছে কা’ৰ ক্ষেত্ৰত বিজেপিৰ যি স্থিতি একে স্থিতি তেওঁৰো। অৰ্থাত্ কা’ দেশৰ বাবে ৰাইজৰ বাবে ভাল। যদি সেয়াই হয় কা’ৰ বিৰুদ্ধে কৰা আন্দোলন ভুল আছিল। দিপাংক নাথ নেতৃত্বাধীন আছু ভুল আছিল। সেই ভুলৰ বাবে ৫ গৰাকী লোকে অকাল মৃত্যু সাৱটি ল’ব লগা হ’ল। গতিকে তেনে নেতাৰ বিৰুদ্ধে আছুৱে মহন্তৰ বিৰুদ্ধে কৰা জোৰদাৰ প্ৰতিবাদৰ দৰে এইবাৰো কৰিব লাগে।
আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আছু নেতৃত্বক পৰামৰ্শ দিব লাগে যাতে য’তেই নেদেখক কিয় দিপাংক নাথ-প্ৰকাশ দাসৰ বিৰুদ্ধে প্ৰতিবাদ হওক, ক’লা পতাকা প্ৰদৰ্শন হওক। খেনোক দেখি ৰন্ধা বঢ়া খেনোক দেখি দুৱাৰ মৰা নীতি আছুৰ নিশ্চয় নাই। বালীলৈ যিপাত সুগ্ৰিবলৈও সেই একেইপাত অস্ত্ৰ হওক। কা’ ভাল-বেয়া বা বিজেপি ভাল-বেয়া এই প্ৰতিবেদনৰ উদ্দেশ্য নহয়। উদ্দেশ্য এয়াই যে ৰাজনীতিৰ মুনাফা লুটাৰ উদ্দেশ্যত সাধাৰণ জনতাৰ প্ৰাণ লোৱা লোকৰ বিৰুদ্ধে আন্দোলন হ’বই লাগিব। আছুৱে যদি চৰকাৰৰ গোলাম হোৱা নাই তাৰ প্ৰমাণ নিশ্চয় দিব। সমান্তৰালভাৱে বিজেপি দলেও নিশ্চয় ভালকৈ চিনি ল’ব এনে নেতাৰ চৰিত্ৰ।