ISHAN NEWS – Always One Step Ahead of Time…

নিৰ্বাচনী ৰেলীত ভয়ংকৰ বিস্ফোৰণ; প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ চাৰি দলীয় সমৰ্থক নিহত । ISHAN NEWS…

0 7,452

নিৰ্বাচনমুখী পাকিস্তানত ভয়ংকৰ ঘটনা। প্ৰচাৰ অভিযানৰ বাবে আয়োজন কৰা এখন নিৰ্বাচনী ৰেলীত ঘটিল ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান নেতৃত্বাধীন পি টি আই দলৰ চাৰিজন সদস্য নিহত হোৱাৰ লগতে পাঁচজন লোক আহত হয়।

মঙলবাৰে বেলুচিস্তানৰ ছিবি চহৰৰ জিন্না ৰোডেৰে পি টি আই দলে আয়োজন কৰা এক ৰেলীৰ সময়তে সংঘটিত হয় এই বিস্ফোৰণ।

ছিবিস্থিত জিলা সদৰ চিকিৎসালয়ৰ চিকিৎসা অধীক্ষক ডাঃ বাবৰে চাৰিজন লোক নিহত হোৱাৰ লগতে ৫জন লোক আহত হোৱাৰ কথা নিশ্চিত কৰিছে। তেওঁ লগতে আহত সকলৰ চিকিৎসা চলি আছে বুলিও জনাইছে। বিষয়াসকলে জনোৱা মতে, আৰক্ষীয়ে বিস্ফোৰণস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

ইফালে এই বিস্ফোৰণৰ পিছতে পি টি আইৰ তৰফৰ পৰা ক্ষোভ অসন্তুষ্টি প্ৰকাশ কৰি ঘটনাটোত দলীয় কাৰ্যকৰ্তা নিহত হোৱা বুলি দাবী কৰে। দলটোৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সযোগে কয় যে, এই হৃদয় বিদাৰক ঘটনাটোক তীব্ৰ গৰিহণা দিছো আৰু চৰকাৰক দাবী জনাইছো যে পি টি আই কৰ্মীতকৈ সন্ত্ৰাসবাদী নিৰ্মূল কৰাতহে গুৰুত্ব দিয়া উচিত।

উল্লেখ্য যে, জেইলত বন্দী হৈ থকা পি টি আইৰ মুৰব্বী ইমৰান খান আৰু প্ৰাক্তন বৈদেশিক মন্ত্ৰী শ্বাহ মাহমুদ কুৰেশ্বীক মঙলবাৰে পাকিস্তানৰ এখন আদালতে চাইফাৰ গোচৰত ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

আদালতৰ এই শাস্তিৰ ঘোষণাৰ পিছতে দলটোৱে বেলুচিস্তানত এই ৰেলীৰ আয়োজন কৰিছিল আৰু এই ৰেলীৰ সময়তে সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণৰ ঘটনাটো।

উল্লেখ্য যে, অহা ৮ ফেব্ৰুৱাৰীত পাকিস্তানত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন। নিৰ্বাচনলৈ মাত্ৰ ৯ দিন থকাৰ পূৰ্বে এইদৰে এটা দলৰ নিৰ্বাচনী ৰেলীত সংঘটিত বিস্ফোৰণক লৈ চিন্তিত হৈ পৰিছে পি টি আইৰ দলীয় নেতা-কৰ্মীসকল।

Leave A Reply

Your email address will not be published.