ISHAN NEWS – Always One Step Ahead of Time…

মাওবাদীৰ আক্ৰমণত অসমৰ লম্বোধৰ সিংহসহ তিনিজন জোৱান ছহিদ, ১৪ জন আহত

0 307

ছত্তীশগড়ত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত ছহিদ হ’ল তিনিজন সেনা জোৱান। মঙলবাৰে ছত্তীশগড়ৰ বীজাপুৰ আৰু সুকমাৰ সীমান্ত অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

দুই পক্ষৰ মাজত চলা সংঘৰ্ষত ১৪ জন সেনা জোৱান আহত হোৱা বুলিও জানিব পৰা গৈছে। আহত জোৱানসকলক উন্নত চিকিৎসা প্ৰদানৰ বাবে বিমানেৰে ৰায়পুৰলৈ পঠিওৱা হৈছে। জানিব পৰা মতে, আহত জোৱানসকল বৰ্তমান সংকটমুক্ত।

বস্তাৰৰ আইজি পি সুন্দৰৰাজে এই এনকাউণ্টাৰৰ কথা নিশ্চিত কৰি কয় যে এই এনকাউণ্টাৰটোত কিমানজন মাওবাদী নিহত বা আহত হৈছে বৰ্তমান সেয়া জানিব পৰা হোৱা নাই।

আইজিয়ে লগতে জানিব দি কয় যে, সেনা জোৱানসকলে প্ৰতিদিনৰ দৰে তেকালগুডেম শিবিৰৰ পৰা নক্সালবাদীৰ সন্ধানত ওলাই গৈছিল। নিৰাপত্তাৰক্ষীৰ বৃহৎ দলটো জোনাগুড়া আৰু আলিগুড়াৰ মাজত উপস্থিত হোৱাৰ লগে লগে পূৰ্বৰে পৰা খাপ পিতি থকা মাওবাদীয়ে হঠাতে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰে।

এনকাউণ্টাৰৰ ঘটনা সংঘটিত হোৱা ঠাইটুকুৰা ঘন অৰণ্যৰে আৱৰা আৰু এই অঞ্চলটোতে ২০২১ চনত মাওবাদীয়ে চলোৱা আক্ৰমণত ২৩ গৰাকী জোৱান নিহত হৈছিল।

উল্লেখ্য যে, মঙলবাৰে মাওবাদীৰ আক্ৰমণত ছহিদ হোৱা তিনি জোৱানৰ ভিতৰত এজন জোৱান আছিল অসমৰ। ছহিদ হোৱা জোৱানজন চিৰাঙৰ কাকাৰাগাঁও ভাটিপাৰাৰ লম্বোধৰ সিংহ বুলি জানিব পৰা গৈছে।

অৱশ্যে ঘটনাত ছহিদ হোৱা আন দুজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।

Leave A Reply

Your email address will not be published.