ISHAN NEWS – Always One Step Ahead of Time…

বকোত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু; চাৰিজন লোকক গ্ৰেপ্তাৰ

0 5,197

বকোৰ হাহিম গোলাপাৰাত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু হোৱা ঘটনাৰ লগত জড়িত ৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে বন বিভাগৰ দলে।

বনৰীয়া হাতীটোক হত্যা কৰাৰ অভিযোগত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা লোক কেইজনক হৰবিলাস ৰাভা, অভিজিৎ ৰাভা, প্ৰাণেশ্বৰ ৰাভা আৰু বাসুদেৱ ৰাভা বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে, যোৱা ১৭ জানুৱাৰীত পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন্দাপাৰা ৰেঞ্জ এলেকাৰ এখন কল বাগানত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছিল এটা বনৰীয়া হাতীৰ।

বনৰীয়া হাতীৰ পৰা বাগানখনক সুৰক্ষা দিয়াৰ বাবে বিদ্যুৎ সংযোগ কৰি ৰখা হৈছিল। বৈদ্যুতিক তাঁৰেৰে ঘেৰি ৰাখিছিল কল বাগানখন।

হাতীটোৱে কল বাগানখনত প্ৰৱেশ কৰাৰ চেষ্টা চলোৱাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছিল হাতীটোৰ।
জানিব পৰা মতে, গ্ৰেপ্তাৰ কৰা ৪ জনক জেল-হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে বন বিভাগে।

উল্লেখ্য যে, সাধাৰণ লোকৰ জিঘাংসা তথা বন বিভাগ আৰু বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইদৰে বনৰীয়া হাতীয়ে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈ আহিছে।

ইনপুট : মনোজ ক্ৰামছা

Leave A Reply

Your email address will not be published.