ISHAN NEWS – Always One Step Ahead of Time…

ইথিওপিয়াত তীব্ৰ খাদ্য সংকট! ছয় মাহত ৩৭২ জন লোকৰ মৃত্যু

0 162

ইথিওপিয়াৰ উত্তৰ দিশে অৱস্থিত দুটা অঞ্চলত ৩৭২ জন লোকৰ ভোকত মৃত্যু হৈছে। টিগ্ৰেত ৩৫১ জন আৰু আমহাৰা অঞ্চলত ২১ জন লোকৰ মৃত্যু হৈছে। তীব্ৰ খৰাঙৰ বাবেই অঞ্চলটোত খাদ্য সংকটে দেখা দিয়া বুলি জানিব পৰা গৈছে।

জনসাধাৰণৰ পৰা অভিযোগ লাভ কৰাৰ পিছতে চলোৱা তদন্তত পোহৰলৈ আহে যে ট্ৰিগেত ৩৫১ জন আৰু আমহাৰাত ২১ জন লোক অনাহাৰে মৃত্যুবৰণ কৰিছে। দহ দিনৰ তদন্তৰ অন্ততহে এই কথা পোহৰলৈ আহিছে।

সম্ভৱতঃ তাত আৰু অধিক লোকৰ মৃত্যু হৈছে। যাৰ বিষয়ে বৰ্তমান কোনো তথ্য চৰকাৰ তথা প্ৰশাসনৰ হাতত নাই।

উল্লেখ্য যে, বৰ্তমান ইথিওপিয়াত গৃহযুদ্ধ সদৃশ পৰিস্থিতি। বিশেষকৈ টিগ্ৰে অঞ্চলত। ই হৰ্ণ অৱ আফ্ৰিকাৰ ওচৰত। এই অঞ্চলটোত খৰাঙৰ সমস্যা বহু দশক পুৰণি।

ৰাষ্ট্ৰসংঘৰ ৱৰ্ল্ড ফুড প্ৰগ্ৰামে কয় যে বৰ্তমান তাত ২ কোটিতকৈও অধিক লোকক সহায়ৰ প্ৰয়োজন।

ইফালে যোৱা বছৰৰ ডিচেম্বৰ মাহত টিগ্ৰেৰ ৰাষ্ট্ৰপতি গেটাচে ৰেডাই কৈছিল যে তেওঁৰ অঞ্চলৰ ৯১ শতাংশ জনসংখ্যা অনাহাৰত ভুগিছে। পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণৰ বাহিৰত।

উল্লেখ্য যে, যোৱা বছৰৰ মে’ মাহত টিগ্ৰেত হিংসাত্মক পৰিস্থিতিৰ বাবে ৱৰ্ল্ড ফুড প্ৰগ্ৰামে খাদ্য যোগান ধৰা বন্ধ কৰি দিছিল। কাৰণ হিংসাৰ কাৰণে বৰঙণিৰ এক বৃহৎ অংশ চুৰি হৈ আছিল। ইয়াৰ পিছত ৰাষ্ট্ৰসংঘইও কোনো ধৰণৰ সহায় দিবলৈ অস্বীকাৰ কৰিছিল।

Leave A Reply

Your email address will not be published.