ISHAN NEWS – Always One Step Ahead of Time…

হেমন্ত ছোৰেনক আস্থা ভোটত অংশ লোৱাৰ অনুমতি বিশেষ আদালতৰ

0 116

৫ ফেব্ৰুৱাৰীত ঝাৰখণ্ড বিধানসভাত হ’বলগীয়া আস্থা ভোটত অংশ ল’বৰ বাবে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক অনুমতি প্ৰদান কৰিছে ৰাঁচীৰ এখন বিশেষ আদালতে।

ভূমি কেলেংকাৰি গোচৰত গ্ৰেপ্তাৰ হোৱা হেমন্ত ছোৰেনে বিশেষ ধন সৰবৰাহ প্ৰতিৰোধ আইন আদালতত আবেদন দাখিল কৰিছিল।

চম্পাই ছোৰেন নেতৃত্বাধীন চৰকাৰৰ আস্থা ভোটত অংশ লোৱাৰ অনুমতি বিচাৰি আদালতত আবেদন কৰিছিল হেমন্ত ছোৰেনে।

হেমন্ত ছোৰেনে আদালতৰ সন্মুখত কৈছিল যে তেওঁ বিধানসভাৰ এজন সদস্য আৰু বিধানসভাৰ বিশেষ অধিৱেশনত অংশ লোৱাৰ তেওঁৰ অধিকাৰ আছে।

উল্লেখ্য যে, সদনত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ চম্পাই ছোৰেন নেতৃত্বাধীন নতুন চৰকাৰখনে ৫ ফেব্ৰুৱাৰীত আস্থা ভোট লাভ কৰিব লাগিব। হেমন্ত ছোৰেনক গ্ৰেপ্তাৰ কৰাৰ পিছত চম্পাইয়ে মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.