প্ৰতিশোধ ললে আমেৰিকাই! ইৰাক-ছিৰিয়াত আমেৰিকাৰ এয়াৰষ্ট্ৰাইক, ১২৫ বিধ অস্ত্ৰৰে চলিছে আক্ৰমণ
মাৰ্কিন সেনাৰ হত্যাৰ প্ৰতিশোধ ললে আমেৰিকাই! মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ নিৰ্দেশত ইৰাক-ছিৰিয়াত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ। ছিৰিয়া আৰু ইৰাকত ইৰাণ সমৰ্থিত সন্ত্ৰাসবাদীৰ ঘাটিত এয়াৰষ্ট্ৰাইক আমেৰিকান সেনা বাহিনীৰ। মাৰ্কিন সেনাৰ আক্ৰমণত ৬ জন লোক নিহত হৈছে। ১২৫ বিধ যুদ্ধাস্ত্ৰৰে প্ৰায় শতাধিক ঘাটিত আক্ৰমণ চলায় আমেৰিকাই। কিছুদিন পূৰ্বে জৰ্ডানত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছিল ৩ মাৰ্কিন সেনা। এই ঘটনাৰ পাছতেই আক্ৰমণকাৰীক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে। জৰ্ডানত সংঘটিত ড্ৰোণ আক্ৰমণৰ পাছতেই ইৰাণ সমৰ্থিত সন্ত্ৰাসবাদীৰ ঘাটিত আমেৰিকাই চলালে এয়াৰষ্ট্ৰাইক। এই আক্ৰমণৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি বিডেনে এক বিবৃতিত কয় ‘ আমেৰিকাই মধ্যপ্ৰাচ্যত সংঘৰ্ষ নিবিচাৰে, কিন্তু যদি কোনোৱে আমেৰিকাৰ ক্ষতি কৰে, আমি ইয়াৰ উচিত প্ৰত্যুত্তৰ দিম।‘