ISHAN NEWS – Always One Step Ahead of Time…

নিৰ্বাচনৰ পূৰ্বে উত্তপ্ত পাকিস্তান; থানাত আক্ৰমণ উগ্ৰপন্থীৰ, ১০জন আৰক্ষী জোৱান নিহত

0 1,077

নিৰ্বাচনৰ পূৰ্বে উত্তপ্ত হৈ পৰিছে পাকিস্তান। উগ্ৰপন্থীৰ এটা বৃহৎ দলে এখন থানাত প্ৰৱেশ কৰি আৰক্ষীৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে দেশখনত।

স্থানীয় প্ৰশাসনৰ তথ্য অনুসৰি সোমবাৰে পুৱা প্ৰায় ৩০ জনীয়া উগ্ৰপন্থীৰ এটা দলে উত্তৰ-পশ্চিম পাকিস্তানৰ ডেৰা ইছমাইল খান জিলাৰ চৌডৱান থানাত প্ৰৱেশ কৰি অট’মেটিক ৰাইফলেৰে আৰক্ষীক আক্ৰমণ কৰে।

আৰক্ষীয়েও প্ৰত্যুত্তৰত চলায় গুলী। প্ৰায় ডেৰ-দুঘণ্টাৰ অন্তত দুয়োপক্ষৰ মাজত চলা এনকাউণ্টাৰৰ অন্ত পৰে যদিও ঘটনাটোত ১০ জন আৰক্ষীয়ে প্ৰাণ হেৰুৱায়।

সংবাদ সংস্থাৰ ৰয়টাৰৰ মতে, এই সন্ত্ৰাসবাদী আক্ৰমণত আন ৬ জন আৰক্ষী বিষয়া আহত হৈছে। হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

এই চাঞ্চল্যকৰ ঘটনাটোত কোন উগ্ৰপন্থী সংগঠনৰ সদস্য জড়িত আৰু এনকাউণ্টাৰটোত কিমানজন উগ্ৰপন্থীয়ে প্ৰাণ হেৰুৱালে সেই কথা এতিয়ালৈ স্পষ্ট হোৱা নাই।

উল্লেখ্য যে, ৮ ফেব্ৰুৱাৰীত পাকিস্তানত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন। তাৰ পূৰ্বে সংঘটিত হোৱা এই ঘটনাই দেশখনৰ আভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থাক লৈ বৃহৎ প্ৰশ্ন উত্থাপন হৈছে।

Leave A Reply

Your email address will not be published.