হকী খেলুৱৈ বৰুণ কুমাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। বেংগালুৰুৰ এগৰাকী যুৱতীয়ে হকী খেলুৱৈগৰাকীৰ বিৰুদ্ধে আনিছে ধৰ্ষণৰ অভিযোগ। আৰক্ষীয়ে জনোৱা মতে, বৰুণ কুমাৰে বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দি যোৱা ৫ বছৰত ২২ বছৰীয়া যুৱতীগৰাকীক কেইবাবাৰো ধৰ্ষণ কৰিছিল।
যুৱতীগৰাকীয়ে কয় যে, ইনষ্টাগ্ৰামৰ জৰিয়তে ২০১৯ চনত হকী খেলুৱৈ বৰুণ কুমাৰৰ লগত তেওঁৰ চিনাকী হৈছিল আৰু সেইসময়ত তেওঁৰ বয়স আছিল ১৭।
যুৱতীগৰাকীৰ অভিযোগ অনুসৰি, বৰুণ কুমাৰে মেচ খেলিবলৈ যেতিয়াই বেংগালুৰুলৈ আহে তেতিয়াই তেওঁ যুৱতীগৰাকীৰ সৈতে শাৰিৰীক সম্পৰ্ক স্থাপন কৰে।
যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত বৰুণ কুমাৰৰ বিৰুদ্ধে বেংগালুৰুত এফআইআৰ ৰুজু কৰা হৈছে।
হিমাচল প্ৰদেশত জন্মগ্ৰহণ কৰা বৰুণ কুমাৰ সন্দৰ্ভত আৰক্ষীয়ে কয়, ‘বৰুণ সম্প্ৰতি পলাতক অৱস্থাত আছে আৰু তেওঁৰ সন্ধান উলিয়াবলৈ প্ৰচেষ্টা অব্যাহত আছে’।
উল্লেখ্য যে, টকিঅ’ অলিম্পিকছত ব্ৰঞ্জ মেডেল জয়ী ভাৰতীয় হকী দলৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য আছিল বৰুণ কুমাৰ।