ISHAN NEWS – Always One Step Ahead of Time…

বিৰোধী মিত্ৰজোঁটত কেনা! অসমৰ তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা আপৰ

0 158

আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক পৰাস্ত কৰাৰ লক্ষ্যৰে একত্ৰিত হোৱা বিৰোধী শক্তি ইণ্ডিয়াত লাগিল কেনা। আসন ভাগ-বাটোৱাৰাৰ পূৰ্বেই মিত্ৰজোঁটৰ অন্যতম গুৰুত্বপূৰ্ণ দল আম আদমি পাৰ্টীয়ে অসমৰ তিনিটা লোকসভা সমষ্টিৰ বাবে ঘোষণা কৰিলে তিনিগৰাকী প্ৰাৰ্থীৰ নাম।

বৃহস্পতিবাৰে আপৰ কেন্দ্ৰীয় নেতৃত্বই অসমৰ তিনিটা সমষ্টি ক্ৰমে গুৱাহাটী, ডিব্ৰুগড় আৰু শোণিতপুৰ সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰি মিত্ৰঁজোটে এই প্ৰাৰ্থী কেইগৰাকীক উমৈহতীয়া প্ৰাৰ্থী বুলি গণ্য কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ দিব বুলি আশা কৰে।

আপৰ ৰাজ্যসভাৰ সাংসদ সন্দীপ পাঠকে সংবাদ মেলৰ জৰিয়তে ডিব্ৰুগড় সমষ্টিত মনোজ ধানোৱাৰ, গুৱাহাটী সমষ্টিত ভৱেন চৌধুৰী আৰু শোণিতপুৰ সমষ্টিত ঋষি ৰাজে প্ৰাৰ্থিত্ব আগবঢ়াব বুলি ঘোষণা কৰে।

‘আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে আমাৰ সিদ্ধান্তক মানি ল’ব। নিৰ্বাচনত জয়ী হোৱাটো সবাটোকৈ গুৰুত্বপূৰ্ণ। এই তিনিখন আসনৰ বাবে আমি প্ৰস্তুতি আৰম্ভ কৰিছো’।

পাঠকে আৰু কয় যে, নিৰ্বাচনৰ বাবে সময় চমু চাপি আহিছে আৰু এইদৰে সময় গৈ থাকিলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো কঠিন হৈ পৰিব।

আসন ভাগ বাটোৱাৰাক লৈ মাহৰ পিছত মাহ ধৰি আলোচনা হৈ আহিছে যদিও এতিয়াও কোনো এটা দল সহমতত উপনীত হ’ব পৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰি পাঠকে কয় যে মোদী চৰকাৰৰ বিৰুদ্ধে যুঁজিবলৈ আমি ইণ্ডিয়াৰ সৈতে আছো। মিত্ৰতা সন্দৰ্ভত সকলো সিদ্ধান্ত অতি শীঘ্ৰে লোৱা উচিত।

দিল্লীত আপৰ কেন্দ্ৰীয় নেতৃত্বই অসমৰ তিনিটা সমষ্টিৰ বাবে নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম মূহুৰ্তলৈকে অপেক্ষা কৰিম বুলি কয়।

প্ৰাৰ্থী ঘোষণা কৰাটো তেওঁলোকৰ কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্ত বুলিও মন্তব্য কৰে ভূপেন বৰাই।

Leave A Reply

Your email address will not be published.