সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। বুধবাৰে সন্ধিয়া উগ্ৰপন্থীৰ এটা দলে চলোৱা আক্ৰমণত প্ৰাণ হেৰুৱাইছে দুজনকৈ সাধাৰণ লোকে।
উগ্ৰপন্থীৰ গুলীত মৃত্যু হোৱা দুয়োজন লোক অমৃতসৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
শ্ৰীনগৰৰ শ্বহীদ গুঞ্জ এলেকাত বুধবাৰে বিয়লি সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা দ্বিতীয়গৰাকী লোকৰ বৃহস্পতিবাৰে পুৱা মৃত্যু হয় বুলি আৰক্ষীয়ে জনায়।
জম্মু-কাশ্মীৰ আৰক্ষীয়ে কয়, ‘শ্বহীদ গুঞ্জ এলেকাত উগ্ৰপন্থীয়ে দুজন লোকৰ ওপৰত গুলীচালনা কৰিছিল। আক্ৰমণৰ বলি হোৱা লোক দুজন অমৃতসৰৰ নিবাসী অমৃতপাল সিং আৰু ৰোহিত বুলি চিনাক্ত কৰা হৈছে। সন্ত্ৰাসবাদী আক্ৰমণত অমৃতপালৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হোৱা ৰোহিতে আজি পুৱা হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে’।
এই আক্ৰমণৰ ঘটনাৰ পিছতে নিৰাপত্তাৰক্ষীৰ এটা বৃহৎ দলে অঞ্চলটো ঘেৰাও কৰি উগ্ৰপন্থীৰ সন্ধানত অভিযান চলাই আছে বুলিও জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনায়।