অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ অভিজ্ঞ অ’পেনাৰ ডেভিড ৱাৰ্নাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ৱাৰ্নাৰে অৰ্ধশতক অৰ্জন কৰি ইতিহাস ৰচিছে।
উল্লেখ্য যে, আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা টি-২০ মেচখন আছিল ডেভিড ৱাৰ্নাৰৰ ১০০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ। বাওঁহতীয়া বেটছমেনগৰাকীয়ে এটা ছয় আৰু ১২টা চাৰিৰ সহায়ত ১৯৪.৪৪ ষ্ট্ৰাইক ৰেটেৰে ৩৬টা বলত ৭০ ৰান সংগ্ৰহ কৰে।
১০০ সংখ্যক টেষ্ট, এদিনীয়া আৰু টি-২০ত অৰ্ধশতক তথা তাতোকৈ অধিক ৰান কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয় ৱাৰ্নাৰ।
ইয়াৰ পূৰ্বে ৱাৰ্নাৰে নিজৰ কেৰিয়াৰৰ ১০০ সংখ্যক টেষ্টত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিশতকীয় ইনিংছ খেলিছিল। ইফালে ১০০ সংখ্যক এদিনীয়া মেচখনত ৱাৰ্নাৰে ভাৰতৰ বিৰুদ্ধে ১২৪ ৰানৰ শতকীয় ইনিংছ খেলিছিল।
এইদৰে ডেভিড ৱাৰ্নাৰে ক্ৰিকেটৰ তিনিওটা সংস্কৰণতে নিজৰ ১০০ সংখ্যক মেচত অৰ্ধশতক বা তাতোকৈ অধিক ৰানৰ ইনিংছ খেলা বিশ্বৰ প্ৰথমগৰাকী বেটছমেনত পৰিণত হয়।
আনহাতে, ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ১০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় মেচ খেলা ভাৰতৰ বিৰাট কোহলী আৰু নিউজিলেণ্ডৰ ৰছ টেইলৰৰ পিছত তৃতীয়গৰাকী ক্ৰিকেটাৰত পৰিণত হ’ল ডেভিড ৱাৰ্নাৰ।