সীমা সমস্যা সমাধানৰ বাবে সন্মতি অসম-মিজোৰামৰ
অসম আৰু মিজোৰামৰ মাজত চলি থকা দীৰ্ঘদিনীয়া আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে সন্মতি প্ৰকাশ কৰিছে দুয়োখন ৰাজ্যই। সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত আলোচনাৰ বাবে শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাক্ষাত কৰে মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাক।
গুৱাহাটীত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰী শৰ্মা আৰু লালডুহোমাই উত্তৰ-পূবৰ দুয়োখন ৰাজ্যৰ মাজত সীমা বিবাদ সমাধানৰ বাবে সামূহিক প্ৰচেষ্টা চলাবলৈ সন্মত হয়। দুয়োগৰাকী নেতাই সীমান্তত শান্তি বজাই ৰখাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
অসমৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ সৈতে মিজোৰামৰ তিনিখন জিলা ক্ৰমে আইজল, কোলাছিব আৰু মমিটে ১৬৪.৬ কিলোমিটাৰ সীমান্ত ভাগ কৰে।
উল্লেখ্য যে, বংগ পূব সীমান্ত নিয়ন্ত্ৰণ (বি ই এফ আৰ) ১৮৭৩ আইনৰ অধীনত ১৮৭৫ চনত অধিসূচনা কৰা ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্টৰ ৫০৯ বৰ্গমাইল তেওঁলোকৰ বুলি মিজোৰামে দাবী কৰে। আনহাতে, ১৯৩৩ চনত ভাৰতীয় জৰীপ সংস্থাই প্ৰস্তুত কৰা মানচিত্ৰত দেখুওৱা সীমাক অসমে নিজৰ ভূখণ্ড বুলি দাবী কৰিছে।
ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্টৰ এক বৃহৎ অংশ অসমৰ। ১৯৩৩ চনৰ সীমা নিৰ্ধাৰণ অনুসৰি অঞ্চলটোৰ এটা নিৰ্দিষ্ট অংশ মিজোৰামত পৰে। ৰাজ্য দুখনৰ মাজত সীমান্তৰ কোনো ভূমি সীমা নিৰ্ধাৰণ কৰা হোৱা নাই।
২০২১ চনত অসম আৰু মিজোৰামৰ মাজত সীমা বিবাদে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল যেতিয়া দুয়োখন ৰাজ্যৰ আৰক্ষী বাহিনীৰ মাজত সীমান্তত গুলীচালনা সংঘটিত হৈছিল। এই ঘটনাত অসম আৰক্ষীৰ ৬ জন জোৱানৰ লগতে এজন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছিল।