ISHAN NEWS – Always One Step Ahead of Time…

ইউক্ৰেইনৰ বৃহৎ চহৰত ড্ৰোণ আক্ৰমণ; তিনি শিশুসহ ৭ জনৰ মৃত্যু

0 833

প্ৰায় দুবছৰ ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ পৰা আহিছে আন এক ডাঙৰ খবৰ। ইউক্ৰেইনৰ অন্যতম ডাঙৰ চহৰ খাৰকিভত ৰাছিয়াই চলোৱা ড্ৰোন আক্ৰমণত তিনিগৰাকী শিশুসহ মুঠ সাতজন লোকৰ মৃত্যু হৈছে।

খাৰ্কিভৰ এগৰাকী প্ৰশাসনিক বিষয়াই জানিবলৈ দিয়া অনুসৰি, ইৰাণত নিৰ্মিত শ্বহীদ ড্ৰ’নে চহৰখনৰ নেমিছলিয়ান অঞ্চলত আক্ৰমণ কৰে আৰু এই আক্ৰমণত সাধাৰণ লোকৰ ১৫টা ঘৰ জ্বলি যায়।

দেশখনৰ এগৰাকী মন্ত্ৰীয়ে জনোৱা অনুসৰি, শনিবাৰে পুৱালৈকে ৫০ জনতকৈ অধিক লোকক উদ্ধাৰ কৰা হৈছে আৰু জৰুৰীকালীন কৰ্মীসকলে জুই নিয়ন্ত্ৰণ কৰিছে।

ইউক্ৰেইনৰ বায়ুসেনাই জনোৱা মতে, ৰাছিয়াই নিশাৰ ভিতৰতে নিক্ষেপ কৰা ৩১খন ইৰাণৰ শ্বহীদ ড্ৰ’নৰ ভিতৰত ২৩খন এয়াৰ ডিফেন্স চিষ্টেমে ধ্বংস কৰে।

বিবৃতিটোত কোৱা হৈছে যে ড্ৰ’নসমূহে মূলতঃ উত্তৰ-পূব খাৰকিভ অঞ্চল আৰু দক্ষিণ প্ৰদেশ অডেছাক লক্ষ্য কৰি লৈছিল।

উল্লেখ্য যে, ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ভাগৰ পৰা চলি ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ এতিয়াও শেষ হোৱা নাই। যুদ্ধৰ ধ্বংসলিলা হ্ৰাস পালেও হ্ৰাস হোৱা নাই ভয়াৱহতা।  এই যুদ্ধত দুয়োপক্ষৰ সৈনিকৰ লগতে হাজাৰ-হাজাৰ সাধাৰণ লোক নিহত

Leave A Reply

Your email address will not be published.