কৃষি বিজ্ঞানী প্ৰয়াত এম এছ স্বামীনাথনৰ কন্যা মধুৰা স্বামীনাথনে কৃষকক অপৰাধী বুলি গণ্য কৰিব নোৱাৰি বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। মঙলবাৰে ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান পূছাৰ উদ্যোগত পিতৃক ভাৰতৰত্ন প্ৰদানৰ স্মৃতিত অনুস্থিত এক অনুস্থানত এই মন্তব্য কৰে কন্যাই।
কেন্দ্ৰীয় চৰকাৰে আন্দোলনকাৰী কৃষকসকলৰ দাবীক সঠিকভাৱে বিবেচনা কৰা উচিত বুলি তেওঁ মন্তব্য কৰে। ভাষণ প্ৰসংগত স্বামীনাথনে কয়, ‘এয়া মোৰ অনুৰোধ, যদি আমি এম এছ স্বামীনাথনক মনত ৰাখিব লাগে, সন্মান কৰিব লাগে, তেন্তে আমি কৃষকসকলক লগত লৈ আগুৱাব লাগিব।’
কৃষকৰ দিল্লী চলো অভিযান সন্দৰ্ভত মধুৰাই কয়, ‘কৃষকসকল অন্নদাতা, তেওঁলোক অপৰাধী নহয়’।
কৃষিবিজ্ঞানী প্ৰয়াত এম এছ স্বামীনাথনৰ কন্যা মধুৰা স্বামীনাথন বেংগালুৰুৰ ভাৰতীয় পৰিসংখ্যা প্ৰতিস্থানৰ অৰ্থনৈতিক বিশ্লেষন ইউনিটৰ মুৰব্বী। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই অনুস্থানত অংশ লৈছিল মধুৰা স্বামীনাথনে।
প্ৰয়াত পিতৃক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰা বাবে গৌৰৱাণ্বিত অনুভৱ কৰে যদিও জীয়াই নথকা বাবে দুখ প্ৰকাশ কৰে মধুৰাই।
উল্লেখ্য যে, কৃষকসকলৰ দীৰ্ঘদিনীয়া সমস্যা পূৰণ কৰাৰ দাবীত দিল্লীত বৃহত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ আহ্বান জনাইছিল। আৰু ইয়াৰ পিছতে কৃষকসকল দিল্লীলৈ আহিব নোৱাৰাকৈ পঞ্জাৱৰ লগতে হাৰিয়ানাৰ চৰকাৰে আন্তঃৰাজ্যিক সীমান্তত বেৰিকেড, ফেন্সিৰ লগতে ৰাস্তাৰ কাষত অস্থায়ী কাৰাগাৰ বনোৱা হৈছে।
কৃষকসকলৰ প্ৰতিবাদ ৰুদ্ধ কৰিবলৈ আৰক্ষীয়ে তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ হেচা প্ৰয়োগ কৰি থকাও পৰিলক্ষিত হৈছে।