অসুস্থতাৰ বাবে ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। স্বাস্থ্যৰ উন্নতি হোৱাৰ পিছতহে তেওঁ এই যাত্ৰাত অংশ ল’ব বুলি জনাইছে।
প্ৰিয়ংকা গান্ধীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, ‘ভাৰত জোড়ো ন্যায় যাত্ৰা উত্তৰ প্ৰদেশ পোৱালৈ আগ্ৰহেৰে অপেক্ষা কৰি আছিলো, কিন্তু অসুস্থতাৰ বাবে আজিয়েই চিকিৎসালয়ত ভৰ্তি হ’ব লগা হ’ল। স্বাস্থ্যৰ অলপ উন্নতি হোৱাৰ লগে লগে যাত্ৰাত যোগ দিম’।
তেওঁ লগতে এই ন্যায় যাত্ৰাত অংশ ল’বলৈ উত্তৰ প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিগৰাকী সতীৰ্থ তথা দলীয় নেতা-কৰ্মীক শুভেচ্ছা জ্ঞাপন কৰে।
উল্লেখ্য যে, শুকুৰবাৰে প্ৰিয়ংকা গান্ধীয়ে উত্তৰ প্ৰদেশৰ চান্দোলীত ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰাৰ কথা আছিল।
কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ তথা সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত মণিপুৰৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰা উত্তৰ প্ৰদেশত প্ৰৱেশ কৰিছে।
১৬ ফেব্ৰুৱাৰীৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ উত্তৰ প্ৰদেশৰ কেইবাখনো জিলাৰ মাজেৰে এই যাত্ৰা চলিব। যাত্ৰাৰ অন্ত পৰিব মুম্বাইত।