ISHAN NEWS – Always One Step Ahead of Time…

বিমান বন্দৰত নাপালে হুইল চেয়াৰ; ১.৫ কিলোমিটাৰ খোজকঢ়াৰ পিছত মৃত্যু ৮০ বছৰীয়া বৃদ্ধৰ

0 3,719

মুম্বাই বিমান বন্দৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। হুইল চেয়াৰৰ অভাৱৰ বাবেই এয়াৰ ইণ্ডিয়া বিমানত অহা এগৰাকী বৃ্দ্ধ যাত্ৰীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, যাত্ৰীগৰাকীয়ে আগতীয়াকৈয়ে হুইল চেয়াৰ বুকিং কৰি থৈছিল যদিও সময়ত নোপোৱাৰ বাবে বিমানখনৰ পৰা ইমিগ্ৰেশ্যনলৈ খোজকাঢ়ি আহিবলগীয়া হয়।

কাউণ্টাৰ আহি পোৱাৰ পিছতে বৃদ্ধ যাত্ৰীগৰাকী হঠাৎ অসুস্থ হৈ পৰে আৰু পিছত হৃদ ক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰে।

এই ঘটনাৰ পিছতে এয়াৰ ইণ্ডিয়াৰ ফালৰ পৰা তাৎক্ষণিকভাৱে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকে যাত্ৰীগৰাকীক অপেক্ষা কৰিবলৈ অনুৰোধ জনোৱা হৈছিল বুলি একপ্ৰকাৰ দায়সৰা মন্তব্য কৰে।

জানিব পৰা মতে, ৮০ বছৰীয়া বৃদ্ধ লোকজনে নিউয়ৰ্কৰ পৰা মুম্বাইলৈ আহিছিল। মুম্বাই বিমান বন্দৰত বিমানখন অৱতৰণ কৰাৰ পিছত বৃদ্ধ লোকজন আৰু তেওঁৰ পত্নীৰ মাজত মাত্ৰ এখন হুইল চেয়াৰ প্ৰদান কৰা হয়।

উপায়বিহীন হৈ বৃদ্ধ লোকজনে হুইল চেয়াৰখনত নিজৰ পত্নীক বহিবলৈ দিয়ে আৰু তেওঁ পিছে পিছে খোজ কাঢ়ি আহে।

বিমানখনৰ পৰা ১.৫ কিলোমিটাৰ দূৰত্বত থকা ইমিগ্ৰেশ্যন কাউণ্টাৰলৈ খোজকাঢ়ি যোৱাৰ পিছতে বৃদ্ধ লোকজনৰ মূৰ ঘূৰাবলৈ ধৰে আৰু হঠাৎ অসুস্থ হৈ পৰে।

ঘটনাৰ পিছতে বৃদ্ধ লোকজনক নানাৱতী হাস্পতাললৈ লৈ যোৱা হয় যদিও ইতিমধ্যেই তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে জনায়।   

Leave A Reply

Your email address will not be published.