দিল্লীৰ আলিপুৰত অৱস্থিত এটা ৰং কাৰখানাত বৃহস্পতিবাৰে সন্ধিয়া এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত প্ৰায় ১১ জন লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে।
ইয়াৰ উপৰি জুইত গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱা তিনিজন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মৃত্যু হোৱা আটাইকেইজনেই ৰঙৰ কাৰখানাটোত কৰ্মৰত আছিল।
এই ঘটনাৰ পিছত ২২খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই জনোৱা মতে, বৃহস্পতিবাৰে সন্ধিয়া ৫.২৫ বজাত কাৰখানাটোত জুই লগাৰ তথ্য লাভ কৰে আৰু লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ ২২ খন বাহন ঘটনাস্থললৈ ৰাওনা হয়।
নিশা প্ৰায় ৯ বজাত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জনোৱা অনুসৰি এটা বিস্ফোৰণৰ পিছতেই কাৰখানাটোত জুইৰ সূত্ৰপাত হয়।
ইফালে এই ভয়ংকৰ ঘটনাটো কি কাৰণত সংঘটিত হ’ল সেয়া তদন্তৰ বাবে এটা দল গঠন কৰা হৈছে বুলিও আৰক্ষীয়ে জানিব দিয়ে।