ৰাস্তাত অহা-যোৱা কৰোতে কুকুৰে আমাক প্ৰায়ে আমনি কৰে। কিন্তু সেইবুলি জানো আমি সিহঁতক অনিষ্ট কৰিম? তেনেকুৱা এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে তেলেংগানাত।
মানৱৰ নামত দানৱৰূপী এগৰাকী অচিনাক্ত লোকে গাড়ীৰে আহি ২১ টাকৈ পথৰ কুকুৰক গুলীয়াই হত্যা কৰাৰ খবৰ আহিছে। এই নৃশংস ঘটনাটো তেলেংগানাৰ মহাবুবনগৰ জিলাৰ পোন্নাকাল গাঁৱত সংঘটিত হৈছে।
ঘটনা সংঘটিত কৰিয়ে লোকজনে ঘটনাস্থলৰ পৰা পলায়ন কৰে। পাষণ্ড লোকজনৰ নিৰ্বিচাৰ গুলীচালনাৰ ফলত ২১ টা কুকুৰৰ লগতে আন কেইবাটাও কুকুৰ আহত হয়।
কুকুৰকেইটাক বিষাক্ত দ্ৰব্য সেৱন কৰি গুলীয়াই হত্যা কৰা বুলি মৰণোত্তৰ পৰীক্ষাত প্ৰকাশ পাইছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। কিন্তু ঘটনাস্থলীত চিচিটিভি কেমেৰাৰ নথকাৰ বাবেই দুৰ্বৃত্তজনক চিনাক্ত কৰাত অসুবিধাৰ সন্মুখীন হৈছে আৰক্ষী।
কুকুৰকেইটাক বিষাক্ত দ্ৰব্য সেৱন কৰাই ওচৰৰ পৰা গুলীচালনা কৰা বুলি সন্দেহ কৰিছে আৰক্ষী উপ-পৰিদৰ্শক শ্ৰী নিৱাসে। কাৰণ দুটা কুকুৰৰ গুলীৰ আঘাত নোপোৱাকৈয়ে মৃত্যু হৈছে।