ISHAN NEWS – Always One Step Ahead of Time…

ডিব্ৰুগড়ৰ জেইলত চাঞ্চল্যকৰ ঘটনা; খালিস্তানী নেতা অমৃতপাল সিঙৰ কুঠৰীৰ পৰা উদ্ধাৰ বহু আপত্তিজনক সামগ্ৰী

0 6,396

ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত সংঘটিত হৈছে নিৰাপত্তা ব্যৱস্থাৰ এক গুৰুতৰ ত্ৰুটিৰ ঘটনা। খালিস্তানী নেতা তথা ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ লগতে আন ৯জন সহযোগী বন্দী হৈ থকা জেইলখনৰ পৰা উদ্ধাৰ হৈছে বহু আপত্তিজনক সামগ্ৰী।

অমৃত পাল সিঙৰ কুঠৰীৰ পৰা উদ্ধাৰ হোৱা সামগ্ৰী সমূহ হৈছে এটা স্পাই কেমেৰা, এটা স্মাৰ্টফোন, এটা কিপেড ফোন, পেন ড্ৰাইভছ, ব্লুটুথ হেডফোন, স্পিকাৰ, এটা স্মাৰ্টৱাটচৰ লগতে আৰু বহুতো।

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এক্সযোগে এই কথা নিশ্চিত কৰিছে। তেওঁ এক্সত লিখিছে যে, অকৰ্তৃত্বশীল কাৰ্যকলাপ চলি থকাৰ নিশ্চিত তথ্য লাভ কৰাৰ পিছতে আজি জেইলৰ কৰ্মচাৰীয়ে তালাচী চলাই এই আপত্তিজনক সামগ্ৰীসমূহ উদ্ধাৰ কৰে।

এই সামগ্ৰীসমূহ কিদৰে জেইলৰ ভিতৰত প্ৰৱেশ ঘটিল তথা কোনে কি উদ্দেশ্যেৰে যোগান ধৰিছে সেই কথা নিশ্চিত কৰিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলিও জানিবলৈ দিয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত থকা অমৃতপাল সিঙক পঞ্জাৱ আৰক্ষীয়ে মোগা জিলাৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছত অৰ্থাত ২০২৩ চনৰ ২৩ এপ্ৰিলত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হৈছিল।

Leave A Reply

Your email address will not be published.