ভাৰত জোড়ো ন্যায় যাত্ৰা আধাতে এৰি নিজ সমষ্টিলৈ ৰাওনা ৰাহুল গান্ধী ।
ভাৰত জোড়ো ন্যায় যাত্ৰাৰ নেতৃত্ব দি বিহাৰৰ পৰা উত্তৰ প্ৰদেশত উপস্থিত হোৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি হঠাতে যাত্ৰা সামৰি নিজ সমষ্টি ৱায়ানাদলৈ ৰাওনা হয়।
আজি চান্দৌলি আৰু বাৰাণসী ভ্ৰমণ কৰাৰ পিছতে ভাদোহী ভ্ৰমণ বাতিল কৰি ৱায়ানাদলৈ ৰাওনা হয় কংগ্ৰেছ নেতাগৰাকী।
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাজেশ তিৱাৰীয়ে শনিবাৰে ৰাজপুৰা ছেক্সনত অনুষ্ঠিত হ’বলগীয়া জনসভাৰ মঞ্চৰ পৰাই এই তথ্য প্ৰদান কৰে।
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তিৱাৰীয়ে কয় যে, বিয়লি প্ৰায় ৪ বজাত যাত্ৰা বাতিল হোৱাৰ তথ্য লাভ কৰিছিল। আকস্মিক কাৰণত ৰাহুল গান্ধীয়ে নিজ লোকসভা সমষ্টিলৈ যাবলগীয়া হৈছে আৰু যাৰ বাবে গান্ধীয়ে বাৰাণসীৰ পৰা পোনে পোনে বিমানবন্দৰলৈ গৈ ৱায়ানাদলৈ ৰাওনা হয়।
তিৱাৰীয়ে কয় যে ৰাহুল গান্ধীয়ে ভাদোহী জিলাৰ কান্ধিয়া ৰে’লৱে ক্ৰছিঙেৰে প্ৰৱেশ কৰি ইন্দিৰা মিলত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি ৰাজহুৱা সভা সম্বোধন কৰাৰ কাৰ্যসূচী আছিল।
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাজেশ তিৱাৰীয়ে লগতে কয় যে, ৰাহুল গান্ধীয়ে কাইলৈ পুনৰ প্ৰয়াগৰাজৰ পৰা এই যাত্ৰা আৰম্ভ কৰিব।
ইফালে জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এক্সযোগে ৰাহুল গান্ধী ৱায়ানাদলৈ যোৱাৰ কথা উল্লেখ কৰি ১৮ ফেব্ৰুৱাৰীৰ দুপৰীয়া ৩ বজাত প্ৰয়াগৰাজৰ পৰা এই যাত্ৰা পুনৰ আৰম্ভ হ’ব বুলি কয়।