ISHAN NEWS – Always One Step Ahead of Time…

সমলিংগ বিবাহক বৈধতা প্ৰদান গ্ৰীচৰ

0 194

ইউৰোপীয় দেশ গ্ৰীচে সমলিংগ বিবাহক বৈধতা প্ৰদান কৰিছে। বিশ্বৰ প্ৰথমখন অতি ৰক্ষণশীল খ্ৰীষ্টান অধ্যুষিত দেশ হিচাপে গ্ৰীচে সমলিংগ বিবাহক বৈধতা প্ৰদান কৰাৰ লগে লগে ইউৰোপজুৰি সৃষ্টি হৈছে আলোড়ন।

বৃহস্পতিবাৰে সংসদত ১৭৬-৭৬ ভোটৰ পিছত সমলিংগ দম্পতীকো এতিয়া আইনগতভাৱে সন্তান তুলি ল’বলৈ অনুমতি দিয়া হ’ব।

দেশখনৰ প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটছ’টাকিছে কয় যে এই নতুন আইনখনে ‘সাহসেৰে এক গুৰুতৰ বৈষম্য বিলুপ্ত কৰিব’।

উল্লেখ্য যে, পূৰ্বৰে পৰা খ্ৰীষ্টান ধৰ্মগুৰুসকলে গ্ৰীচত সমলিংগ সম্পৰ্ক বা বিবাহৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰি আহিছে। ইয়াৰ মন্টেনেগ্ৰ’ আৰু ছাইপ্ৰাছে সমলিংগ বিবাহক বৈধতা প্ৰদান কৰিছিল।

স্মৰ্তব্য যে, তৃতীয় লিংগৰ ব্যক্তিসকলে গ্ৰীচত দীৰ্ঘদিনৰে পৰা সমলিংগ বিবাহক বৈধতা প্ৰদানৰ দাবী জনাই আহিছিল।

এতিয়ালৈকে বিশ্বৰ ৩৫ খন দেশত সমলিংগ বিবাহৰ অনুমতি আছে।

Leave A Reply

Your email address will not be published.