ISHAN NEWS – Always One Step Ahead of Time…

তীব্ৰ বেগী বাহনৰ খুন্দাত মৃত্যু আৰক্ষী উপ-পৰিদৰ্শকৰ

0 3,975

শনিবাৰে পুৱতি নিশা হাৰিয়ানাৰ গুৰুগ্ৰামৰ গলফ কোৰ্চ ৰোডত এখন দ্ৰুতবেগী বাহনে এখন গাড়ীত খুন্দা মৰাৰ ফলত গাড়ীখনত থকা মেঘালয় আৰক্ষীৰ এজন উপ-পৰিদৰ্শক নিহত হোৱাৰ বিপৰীতে তেওঁৰ বন্ধু গুৰুতৰভাৱে আহত হয়।

গুৰুগ্ৰাম আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত অভিযুক্ত চালকজনে ঘটনাস্থলৰ পৰা পলায়ন কৰে।

আৰক্ষীৰ তথ্য অনুসৰি শনিবাৰে পুৱা ৩.৩০ বজাত গলফ কোৰ্চ ৰোডত অধিবক্তা দিগ্বিজয় ধাৰীৱাল বন্ধু অমিত সিনহাৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰি ঘৰলৈ উভতি আহি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা।

গুৰুগ্ৰামৰ ছেক্টৰ-৫৩ থানাত অচিনাকি চালকজনৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে।

আৰক্ষীয়ে কয় যে মাৰ্চিডিজ বেঞ্জ গাড়ীখন দুৰ্ঘটনাটোত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। দাখিল কৰা এজাহাৰ অনুসৰি, এখন তীব্ৰবেগী বাহনে মাৰ্চিডিজখন গাড়ীখন পিছফালৰ পৰা খুন্দা মাৰে।

ছেক্টৰ ৫৩ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজেন্দ্ৰ কুমাৰে কয়, ‘৩৬ বছৰীয়া অমিত সিনহা মেঘালয় আৰক্ষীৰ উপ-পৰিদৰ্শক আছিল আৰু তেওঁ বন্ধুক লগ কৰিবলৈ গুৰুগ্ৰামলৈ আহিছিল। হোটেলত ৰাতিৰ আহাৰ খাই ঘৰলৈ উভতি অহাৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হয়। আমি এতিয়াও পলাতক অৱস্থাত থকা অভিযুক্ত চালকজনক কৰায়ত্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো’।

Leave A Reply

Your email address will not be published.