ISHAN NEWS – Always One Step Ahead of Time…

নিৰৱে গৃহহীনসকলৰ ভোক নিবাৰণ কৰি অহা এগৰাকী মহিলা; হৃদয় জিনিছে হাজাৰজনৰ । ishan news

0 707

নিঃস্বাৰ্থ সেৱাই কোনো সামাজিক বা আৰ্থিক সীমা নাজানে। দৰিদ্ৰতাৰ সৈতে যুজিও আৰ্তজনৰ ওচৰত থিয় দিছে এগৰাকী মহিলাই। প্ৰচাৰবিমুখ এইগৰাকী মহিলাৰ নাম জালাজা।

৫৬ বছৰীয়া জালাজাই কোল্লামৰ পালকুলাংগাৰা দেৱী মন্দিৰৰ সন্মুখত গৃহহীনসকলক কৰি আহিছে খাদ্য বিতৰণ।

ওচিৰাত জন্মগ্ৰহণ কৰা জালাজাই বিয়াৰ পিছতেই কোল্লাম চহৰলৈ গুছি আহে। কিছুদিন যোৱাৰ পিছত জালাজাই আৰ্থিক সংকটৰ মুখামুখি হয়। চাৰিটাকৈ সন্তানৰ চোৱাচিতা কৰিবলৈ শ্ৰমিক হিচাপে কৰ্মত নিয়োজিত হয় জালাজাই।

দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে জালাজাই বুজি পাইছিল পথত ভিক্ষা মাগি থকা লোকসকলৰ অৱস্থাৰ কথা। গৃহহীনসকলক বিনামূলীয়াকৈ চাউল যোগান ধৰাৰ উপৰি বিভিন্ন শাক-পাচলিৰ তৰকাৰী, আমৰ আচাৰ আদিও যোগান ধৰে জালাজাই।

জালাজাই দেওবাৰ আৰু বৃহস্পতিবাৰৰ বাহিৰে সপ্তাহৰ পাঁচোটা দিন খাদ্য যোগান ধৰে। জালাজাই কয় ‘মানুহৰ সেৱা কৰি সুখ পাওঁ।’

কোল্লামত দুই পুত্ৰৰ সৈতে গৃহহীনসকলৰ বাবে সৰু সৰু আশ্ৰয় শিবিৰ নিৰ্মাণৰ কামত আগবাঢ়িছে জালাজা। জালাজা হৈ পৰিছে এতিয়া হাজাৰজনৰ প্ৰেৰণাৰ সমল।

Leave A Reply

Your email address will not be published.