ISHAN NEWS – Always One Step Ahead of Time…

অসাধাৰণ দেৱশিশু! ৪ মহীয়া কণমানিৰ নাম ন’বেল ৱৰ্ল্ড ৰেকৰ্ডছত

0 193

এবছৰ,দুবছৰ নহয়,জন্মৰ মাত্ৰ ৪ মাহ হৈছে। ৪ মাহতেই বিশ্বৱাসীৰ হৃদয় জিনিলে এটি দেৱশিশুৱে। অসাধাৰণ প্ৰতিভাৰে গঢ়িলে বিশ্ব অভিলেখ।

শুনিবলৈ আচৰিত লাগিলেও এয়াই সত্য। ফুটো নুফুটো মাতেৰে হেজাৰজনৰ মন জয় কৰিবলৈ সক্ষম হৈছে শিশুটিয়ে।আন শিশুতকৈ কিছু পৃথক এই দেৱশিশুটি।

অন্ধ্ৰপ্ৰদেশৰ নগাদিয়াৰ কৈভাল্য নামৰ এই দেৱশিশুটিয়ে মুহুৰ্ততে চিনাক্ত কৰিব পাৰে ভিন্ন বস্তু। চৰাই,শাক-পাচলি, ভিন্ন ফটোকে ধৰি ১২০ প্ৰকাৰৰ বস্তু চিনাক্ত কৰি সকলোকে স্তম্ভিত কৰি তুলিছে কৈভাল্যই।

 কৈভাল্যৰ এই প্ৰতিভাক মাতৃয়ে ভিডিঅ’ কৰি পঠাইছিল ন’বেল ৱৰ্ল্ড ৰেকৰ্ডছলৈ।আৰু ন’বেল ৱৰ্ল্ড ৰেকৰ্ডছে কৈভাল্যলৈ প্ৰেৰণ কৰিলে বিশেষ বঁটা।কৈভাল্য এতিয়া হেজাৰজনৰ প্ৰেৰণাৰ উৎস।

Leave A Reply

Your email address will not be published.