ISHAN NEWS – Always One Step Ahead of Time…

আসন হেৰুৱালে বিজেপিয়ে; AAP-ৰ কুলদীপ কুমাৰক চণ্ডীগড়ৰ মেয়ৰ ঘোষণা সৰ্বোচ্চ ন্যায়ালয়ৰ

0 207

বিজেপিৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা আহিছে আন এক বেয়া খবৰ। চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচন বিতৰ্ক সন্দৰ্ভত শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে বিজেপিৰ প্ৰাৰ্থী মনোজ সোনকৰৰ বিপৰীতে আম আদমি পাৰ্টী আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুলদীপ কুমাৰক মেয়ৰ হিচাপে ঘোষণা কৰে।

মেয়ৰ নিৰ্বাচনৰ বেলট কাকত গণনা বিতৰ্ক সন্দৰ্ভত মঙলবাৰে উচ্চতম ন্যায়ালয়ে এই ৰায় প্ৰদান কৰি নিৰ্বাচনত অবৈধ ঘোষণা কৰা ৮টা ভোটক বৈধ বুলি ঘোষণা কৰে।

এই ৮টা ভোট বৈধ বুলি প্ৰমাণ হোৱাত মুঠ ভোট ২০টালৈ বৃদ্ধি পাই আৰু কুলদীপ কুমাৰক মেয়ৰ হিচাপে ঘোষণা কৰে সৰ্বোচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে, চণ্ডীগড় মেয়ৰ নিৰ্বাচনৰ পিছত ভাইৰেল হোৱা এটা ভিডিঅ’ত ৰিটাৰ্ণিং বিষয়া অনিল মাছিহই আপ পাৰিষদৰ বেলট কাকতসমূহ বিকৃত কৰা দেখা গৈছিল।

এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছিল আৰু সোমবাৰে ইয়াৰ শুনানি গ্ৰহণ কৰা হৈছিল।

সোমবাৰে হৈ যোৱা শুনানি অনুসৰি আজি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে নিৰ্বাচনৰ দিনটোৰ ভিডিঅ’ৰ সত্য সত্যটা পৰীক্ষা আৰু বেলটৰ পুনৰ গণনা কৰে। এই গণনাতে বাতিল হোৱা ৮টা ভোটক বৈধ বুলি ঘোষণা কৰে উচ্চতম ন্যায়ালয়ে।

এই ঘটনাৰ বাবে ৰিটাৰ্ণিং বিষয়াগৰাকীক সম্পূৰ্ণ দোষাৰোপ কৰি উচ্চতম ন্যায়ালয়ে তেওঁলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

মুখ্য ন্যায়াধীশে কয় যে, অনিল মাছিহে কেইবাখনো বেলট কাকতত এক বিশেষ চিহ্ন লগাইছিল। এই আঠোটা ভোট কুলদীপ কুমাৰৰ সপক্ষে পৰিছিল। ভোট কেইটা অবৈধ বুলি প্ৰমাণিত কৰিবলৈয়ে তেওঁ এই দুষ্কাৰ্য কৰিছিল।

উল্লেখ্য যে, ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল চণ্ডীগড় মেয়ৰ নিৰ্বাচন। এই নিৰ্বাচনত আপ-কংগ্ৰেছৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুলদীপ কুমাৰক পৰাস্ত কৰি মেয়ৰৰ পদত অধিষ্ঠিত হৈছিল বিজেপিৰ মনোজ সোনকৰ। বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ১৬ টা ভোট পোৱাৰ বিপৰীতে বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছিল ১২টা ভোট।

এই নিৰ্বাচনত বিৰোধীৰ ৮টা ভোট বাতিল হোৱাৰ পিছতে ভোট টেম্পাৰিঙৰ অভিযোগ তুলি বিজেপিয়ে অবৈধভাৱে নিৰ্বাচন জয়ী হোৱা বুলি সমালোচনা কৰিছিল বিৰোধীয়ে। 

Leave A Reply

Your email address will not be published.