অখিলেশ যাদৱলৈ ফোন প্ৰিয়ংকা গান্ধীৰ; দুখন আসনৰ বাবে বিশেষ অনুৰোধ!
বিহাৰ, পশ্চিমবংগ, পঞ্জাৱত মুখথেকেচা খোৱা কংগ্ৰেছ দলৰ বাবে আহিছে এটা ভাল খবৰ। বিহাৰত নীতিশ কুমাৰৰ জে ডি ইউ, পশ্চিম বংগত মমতা বেনাৰ্জী আৰু পঞ্জাৱত আম আদমি পাৰ্টীয়ে কংগ্ৰেছৰে মিত্ৰতা ভংগ কৰিলেও উত্তৰ প্ৰদেশত দলটোৰ সৈতে মিত্ৰতা খাটাং হৈছে সমাজবাদী পাৰ্টীৰ।
দুই এদিনতে দল দুটাই লোকসভা নিৰ্বাচনৰ বাবে মিত্ৰতা চূড়ান্ত হোৱাৰ আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে।
ইয়াৰ মাজতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি, আজি কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে সমাজবাদী পাৰ্টীৰ অধ্যক্ষ তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ সৈতে ফোনযোগে দীঘলীয়া কথা বাৰ্তা কৰে।
ৰাতিপুৱা প্ৰায় ১০ বজাত হোৱা কথা বাৰ্তাত প্ৰিয়ংকা গান্ধীয়ে অখিলেশ যাদৱক বুলন্দচহৰ আৰু হাথৰছৰ বিপৰীতে দুটা ভাল সমষ্টি কংগ্ৰেছক দিবলৈ অনুৰোধ জনায়।
ফোনযোগে হোৱা আলোচনাত প্ৰিয়ংকা গান্ধীয়ে লগতে শ্ৰাবস্তী লোকসভা সমষ্টিটোও কংগ্ৰেছক এৰি দিবলৈ অনুৰোধ জনাই অখিলেশ যাদৱক।
অৱশ্যে প্ৰিয়ংকা গান্ধীয়ে জনোৱা অনুৰোধ অখিলেশ যাদৱে কিদৰে ৰক্ষা কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।