কৃষক আন্দোলনত নিয়োজিত আৰু এজন আৰক্ষী বিষয়াৰ মৃত্যু ঘটিছে। মৃত আৰক্ষী বিষয়াজন হাৰিয়ানা আৰক্ষী থানাৰ উপ-পৰিদৰ্শক বিজয় কুমাৰ বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষী বিষয়াজনে বিজয় টোহানা সীমান্তত কৰ্তব্যৰত অৱস্থাত আছিল। কৰ্তব্যৰত অৱস্থাতেই তেওঁ হঠাত অসুস্থ হৈ মৃত্যুমুখত পৰে।
উল্লেখ্য যে, এতিয়ালৈকে এই আন্দোলনত তিনিজন আৰক্ষী বিষয়াৰ মৃত্যু ঘটিছে। আৰক্ষী বিষয়া কেইগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধানে।
জানিব পৰা মতে, কৰ্তব্যৰত অৱস্থাতে অসুস্থ হৈ পৰিছিল বিজয় কুমাৰ। ইয়াৰ পিছতে লগে লগে তেওঁক হাস্পতাললৈ লৈ যোৱা হয়। কিন্তু চিকিৎসা আৰম্ভ হোৱাৰ পূৰ্বেই মৃত্যুক সাৱটি লয় বিষয়াগৰাকীয়ে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৬ ফেব্ৰুৱাৰীত শম্ভু সীমান্তত নিয়োজিত জি আৰ পিৰ উপ-পৰিদৰ্শক হীৰালালৰ স্বাস্থ্যও হঠাৎ অৱনতি ঘটিছিল। আৰু পিছত তেওঁক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও মৃত্যু ঘটে।
আনহাতে ২০ ফেব্ৰুৱাৰীত আম্বালাৰ শম্ভু সীমান্তত হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে ই এছ আই কৌশল কুমাৰৰো মৃত্যু হৈছিল।