ISHAN NEWS – Always One Step Ahead of Time…

ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা অব্যাহত থকাটো বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, কিন্তু কিয়?

0 169

হিমন্ত বিশ্ব শৰ্মা আৰু ৰাহুল গান্ধীৰ মাজৰ সম্পৰ্ক সৰ্বজনবিদিত। কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছৰে পৰা ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ হৈ আহিছে হিমন্ত বিশ্ব শৰ্মা।

ৰাহুল গান্ধীৰ নেতৃত্বত দেশজুৰি চলি থকা কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়তে পুনৰ এবাৰ সমালোচনাত মুখৰিত হ’ল অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

মঙলবাৰে দক্ষিণ ভাৰতৰ ৰাজ্য তেলেংগানাত আয়োজিত বিজেপিৰ বিজয় সংকল্প যাত্ৰাত ৰাহুল গান্ধীক লক্ষ্য কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে এই যাত্ৰা য’তেই উপস্থিত হৈছে তাতেই দলটোৱে বৃহত বিপৰ্যয়ৰ সন্মুখীন হৈছে।

তেওঁ নিজৰ ভাষণত কয়, ‘য’তেই ভাৰত জোড়ো ন্যায় যাত্ৰা উপস্থিত হৈছে, তাতেই বিপৰ্যয়ৰ সন্মুখীন হৈছে কংগ্ৰেছ.. এতিয়া এই যাত্ৰা উত্তৰ প্ৰদেশত উপস্থিত হোৱাৰ লগে লগে অখিলেশ যাদৱৰ লগত মতানৈক্যৰ সৃষ্টি হৈছে। ন্যায় যাত্ৰা য’তেই যায় তাতেই কংগ্ৰেছৰ লগত ‘অন্যায়’ হয়’।

শৰ্মাই লগতে কয়, ‘ভাৰত জোড়ো ন্যায় যাত্ৰাৰে ৰাহুল গান্ধীয়ে ভাৰত ভ্ৰমণ কৰি আছে। মই কও, অব্যাহত থাকক। প্ৰথমবাৰৰ বাবে তেওঁ যেতিয়া ভাৰত ভ্ৰমণ কৰিছিল, তেওঁ তিনিখন ৰাজ্যত নিৰ্বাচনত পৰাস্ত হৈছিল। এইবাৰ সমগ্ৰ দেশতে পৰাস্ত হ’ব’।

ব্যক্তিগতভাৱে গান্ধী পৰিয়ালক সমালোচনা কৰি হিমন্তই কয়, ‘ৰাহুল গান্ধীয়ে কয়, প্ৰধানমন্ত্ৰী মোদীয়ে কি কৰিলে? প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে ৰোড শ্ব’ কৰে… মিছাৰ বাহিৰে ৰাহুল গান্ধীয়ে একো নিশিকিলে। তেওঁৰ মগজু আছে নে নাই কেতিয়াবা মই ভাবো’।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পূৰ্বে হেৰুওৱা শক্তি পুনৰ উদ্ধাৰৰ বাবে কংগ্ৰেছ দলে ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰাৰ পিছত উত্তৰ-পূব ভাৰতৰ পৰা আৰম্ভ কৰিছিল ভাৰত জোড়ো ন্যায় যাত্ৰা।

মণিপুৰৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা ১৫ খন ৰাজ্যৰ মাজেৰে গৈ মহাৰাষ্ট্ৰত অন্ত পৰিব।

Leave A Reply

Your email address will not be published.