দুটা আৱাসিক অট্টালিকাত ভয়ংকৰ জুই; কেইবাজনো লোকৰ মৃত্যু, ১৯ গৰাকী সন্ধানহীন
স্পেইনৰ পূব প্ৰান্তৰ চহৰ ভেলেন্সিয়াত বৃহস্পতিবাৰে দুটা আৱাসিক অট্টালিকাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত চাৰিজন লোক নিহত হোৱাৰ লগতে আন ১৯জন লোক সন্ধানহীন হৈ আছে।
স্থানীয় প্ৰশাসনে এই তথ্য প্ৰদান কৰি কয় যে অগ্নিকাণ্ডৰ পিছত অট্টালিকাটোত বাস কৰা লোকসকলে প্ৰাণ ৰক্ষাৰ বাবে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰে যদিও অগ্নিনিৰ্বাপক বাহিনীৰ লোকে একাংশৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।
প্ৰশাসনে আশংকা কৰা অনুসৰি ১৪ মহলীয়া আৱাসিক ভৱন এটাৰ পৰা জুইৰ সূত্ৰপাত হৈছিল। অগ্নিনিৰ্বাপক বাহিনীয়ে ক্ৰেন ব্যৱহাৰ কৰি বহু লোকক নিৰাপদ স্থানলৈ নমাই আনিছিল।
ভেলেন্সিয়াৰ সহকাৰী জৰুৰীকালীন সেৱা সঞ্চালক জৰ্জ ছুৱেৰেজে সাংবাদিকৰ আগত কয় যে এই ঘটনাত চাৰিজন লোকৰ মৃত্যু হৈছে। স্পেইনৰ সামৰিক জৰুৰীকালীন সেৱা ইউনিটৰ কৰ্মীকো সেই স্থানত মোতায়েন কৰা হৈছে।
ঘটনাটো সংঘটিত হোৱাৰ সময়ত অট্টালিকা দুটাত কিমান লোক আছিল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।