উজনি-নামনি সৰ্বত্ৰ হাতী-মানুহৰ সংঘাত প্ৰতিদিনেই ঘটি আছে। সম্প্ৰতি ৰাজ্যত এক জ্বলন্ত সমস্যাত পৰিণত হৈছে এই সংঘাত। হাতীৰ আক্ৰমণ ঘটা অঞ্চলসমূহত প্ৰতিনিয়ত শংকাত কটাব লগা হৈছে আবাল-বৃদ্ধা-বনিতা।
শেহতীয়াকৈ গোৱালপাৰাৰ পৰা আহিছে এক মৰ্মান্তিক ঘটনা। শুকুৰবাৰে নিশা গোৱালপাৰাৰ লক্ষীপুৰত বনৰীয়া হাতীয়ে গচকি হত্যা কৰে এহাল দম্পতীক।
লাভ কৰা খবৰ অনুসৰি, এখন বাইকেৰে লক্ষীপুৰৰ পৰা হাতীগাঁও অভিমুখে আহি থকা অৱস্থাত হাতীৰ জাকটোৰ মুখামুখি হৈছিল দম্পতীহাল। আৰু তাৰ পিছতেই দম্পতীহালক আক্ৰমণ কৰে হাতী এটাই।
এই আক্ৰমণত দম্পতীহালৰ থিতাতে মৃত্যু হয়। হাতীৰ আক্ৰমণৰ সময়ত দম্পতীহালক সহায় কৰিবলৈ ঘটনাস্থলৰ ওচৰে পাজৰে আন কোনো লোক উপস্থিত নাছিল বুলি জানিব পৰা গৈছে।
দম্পতীহালৰ পৰিচয় জানিব পৰা হোৱা নাই যদিও এই মৰ্মান্তিক ঘটনাটোৰ পিছত বন বিভাগৰ লোক ঘটনাস্থলত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
উল্লেখ্য যে, খাদ্যৰ সন্ধানতে হাতীৰ জাকটোৱে বনাঞ্চলৰ পৰা লোকালয়ত প্ৰৱেশ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকৰ লগতে বন বিভাগে।