ISHAN NEWS – Always One Step Ahead of Time…

হুথি বিদ্ৰোহীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ আমেৰিকাসহ ৭ দেশৰ সেনাৰ

0 202

আমেৰিকা আৰু ব্ৰিটেইনকে ধৰি সাতখন দেশৰ সেনাই য়েমেনত হুথি বিদ্ৰোহীৰ শিবিৰত বৃহৎ আক্ৰমণ চলায়। য়েমেনৰ ৰাজধানী ছানাত থকা হুথীৰ স্থানক লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত কৰে।

হুথি বিদ্ৰোহীৰ বিৰুদ্ধে এই বৃহৎ পদক্ষেপত অংশগ্ৰহণ কৰা দেশসমূহে শনিবাৰে এক যুটীয়া বিবৃতি প্ৰকাশ কৰি কয় যে এই সামৰিক অভিযান য়েমেনৰ ৮টা স্থানত গ্ৰহণ কৰা হৈছে য’ত ১৮টা হুথিৰ স্থান লক্ষ্য কৰি লোৱা হৈছিল।

অষ্ট্ৰেলিয়া, বাহৰেইন, কানাডা, ডেনমাৰ্ক, নেদাৰলেণ্ড আৰু নিউজিলেণ্ডৰ লগতে আমেৰিকা আৰু ব্ৰিটেইনৰ সেনাই এই আক্ৰমণ সংঘটিত কৰে।

আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনৰ মতে এই আক্ৰমণৰ লক্ষ্য হৈছে ইৰাণ সমৰ্থিত হুথি বিদ্ৰোহীৰ শক্তি নাইকিয়া কৰা। যদি হুথি বিদ্ৰোহীয়ে আক্ৰমণ বন্ধ নকৰে তেন্তে তেওঁলোকে গুৰুতৰ পৰিণতিৰ সন্মুখীন হ’ব লাগিব।

উল্লেখ্য যে, হুথিয়ে মধ্যপ্ৰাচ্যৰ অৰ্থনীতিত ব্যাপক আঘাত হানিছে। য়েমেনকে ধৰি আন দেশলৈ মানৱীয় সাহায্য বিতৰণৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি কৰি আহিছে।

মন কৰিবলগীয়া যে চলিত সপ্তাহটোৰ আৰম্ভণিতে হুথি বিদ্ৰোহীয়ে ব্ৰিটিছৰ মালিকানাধীন এখন মালবাহী জাহাজত আক্ৰমণ চলোৱাৰ লগতে আমেৰিকাৰ ধ্বংসকাৰী জাহাজ এখনতো ড্ৰ’ন আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল।

ইজৰাইলৰ বন্দৰ আৰু ৰিজ’ৰ্ট চহৰসমূহকো বেলিষ্টিক মিছাইল আৰু ড্ৰ’নেৰে আক্ৰমণ কৰি আহিছিল।

Leave A Reply

Your email address will not be published.