ISHAN NEWS – Always One Step Ahead of Time…

২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে কেইগৰাকীমান মুছলমান বিধায়কহে থাকিব কংগ্ৰেছত : হিমন্ত বিশ্ব শৰ্মা

0 144

লোকসভা নিৰ্বাচনৰ পূৰ্বে এজনৰ পিছত আন এজন বিধায়ক তথা শীৰ্ষ নেতাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগ দিয়া বা চৰকাৰক সমৰ্থন আগবঢ়োৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য প্ৰদান কৰিছে।

মঙলবাৰে মুখ্যমন্ত্ৰী শৰ্মাই গহপুৰত এক অনুষ্ঠানত অংশ লৈ কয় যে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেইগৰাকীমান মুছলমান বিধায়কহে থাকিব কংগ্ৰেছ দলত।

সাংবাদিকৰ আগত হোৱা কথা-বতৰাত শৰ্মাই কৈছিল যে, কেৱল ৰকীবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, জাকিৰ হুছেইন ছিকদাৰ, নুৰুল হুডা আৰু কেইজনমান কংগ্ৰেছৰ বিধায়কহে দলত থাকিব।

উল্লেখ্য যে, কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিব নেকি বুলি সোধা প্ৰশ্ন সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

শৰ্মাই কৈছিল, ‘গোস্বামী কংগ্ৰেছৰ এগৰাকী শক্তিশালী নেতা আৰু যদি তেওঁ বিজেপিত যোগ দিয়ে তেন্তে মই স্বাগতম জনাম। মই যি কেইগৰাকীৰ নাম উল্লেখ কৰিছো সেই কেইগৰাকীৰ বাহিৰে বাকী সকলোৱে আমাৰ সৈতে যোগাযোগ কৰি আছে’।

Leave A Reply

Your email address will not be published.