ISHAN NEWS – Always One Step Ahead of Time…

ভয়ংকৰ; দলঙৰ পৰা নদীত বাগৰিল বাছ, প্ৰাণ হেৰুৱালে ৩১ গৰাকীয়ে

0 3,114

পশ্চিম আফ্ৰিকাৰ দেশ মালিত সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুৰ্ঘটনা। এই দুৰ্ঘটনাটোত ৩১ গৰাকী লোকে কৰুণ মৃত্যুক সাৱটি লোৱা বুলি প্ৰশাসনে নিশ্চিত কৰিছে।

দেশখনৰ পৰিবহন মন্ত্ৰালয়ে জানিব দিয়া অনুসৰি, মঙলবাৰে মালিৰ পশ্চিম দিশৰ চহৰ কেনিবাৰ সমীপৰ এখন দলঙৰ পৰা যাত্ৰীবাহী বাছখন নদীত পৰি যায়। যাৰ ফলত ৩১ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱায়।

বাছখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতেই এই শিহৰণকাৰী পথ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি পৰিবহন মন্ত্ৰালয়ে উল্লেখ কৰে।

পশ্চিম আফ্ৰিকাত পথ দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট বেছি। এই অঞ্চল সমূহত ৰাজহুৱা পৰিবহণত প্ৰায়ে অতিমাত্ৰা ভিৰ দেখা যায় আৰু ইয়াক নিয়ন্ত্ৰণ কৰাত প্ৰশাসন বিফল।

উল্লেখ্য যে, ৰাষ্ট্ৰসংঘৰ ২০২৩ চনৰ তথ্য অনুসৰি বিশ্বত সংঘটিত পথ দুৰ্ঘটনা সমূহৰ ভিতৰত আফ্ৰিকাত সৰ্বাধিক অৰ্থাত প্ৰায় এক চতুৰ্থাংশ লোকৰ মৃত্যু হয়।

Leave A Reply

Your email address will not be published.