চূড়ান্ত হ’ল বিজেপি মিত্ৰজোঁটৰ আসন ভাগ-বাটোৱাৰা! অগপক ২ খন, UPPLক দিলে ১ খন
কোন কেইটা সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা? কোনে পাব প্ৰাৰ্থিত্ব? এই লৈ চৰ্চা অব্যাহত থকাৰ মাজতে বুধবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা বিজেপিৰ বৈঠকতে অসমৰ সমাগত লোকসভা নিৰ্বাচনৰ বাবে আসন ভাগ বাটোৱাৰা চূড়ান্ত কৰা হয়।
আমাৰ হাতত আহি পৰা তথ্য মতে, আগন্তুক নিৰ্বাচনত বিজেপিয়ে অসম গণ পৰিষদলৈ এৰি দিলে মাত্ৰ ২ খন আসন। তাৰ বিপৰীতে অন্য এটা মিত্ৰ দল UPPLক দিলে ১ খন আসন। আৰু বাকী থকা ১১ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিজেপিয়ে।
আজি গুৱাহাটীৰ বিজেপি কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যৌথভাৱে আয়োজন কৰা এখন সংবাদমেলত আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে।
মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰা অনুসৰি, বৰপেটা আৰু ধুবুৰী সমষ্টি অগপক এৰি দিয়াৰ বিপৰীতে UPPLক কোকৰাঝাৰ সমষ্টি এৰি দিয়ে।
অগপ আৰু UPPL নেতৃত্বৰ সৈতে আলোচনা কৰি সহমতত উপনীত হয় তিনিওটা দল।