প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা বৰ্তমানৰ বিজেপি সাংসদ গৌতম গম্ভীৰে সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে এই কথা জনায় প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।
২০১৯ চনৰ লোকসভা নিৰ্বাচনত গৌতম গম্ভীৰে বিজেপিৰ টিকটত পূব দিল্লীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি সংসদলৈ নিৰ্বাচিত হৈছিল।
গম্ভীৰে ‘এক্স’ৰ জৰিয়তে কৰা পোষ্টটোত লিখে, ‘মই দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষক অনুৰোধ জনাইছো যে মোক ৰাজনৈতিক কৰ্তব্যৰ পৰা মুক্ত কৰি দিয়ক যাতে মই আগন্তুক ক্ৰিকেটৰ দায়িত্বত মনোনিৱেশ কৰিব পাৰো’।
প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে লগতে ৰাইজৰ সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহকো ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখ্য যে, গৌতম গম্ভীৰে ২০১৯ চনৰ ২২ মাৰ্চত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল। ইয়াৰ পিছতে লোকসভা নিৰ্বাচনত দলে তেওঁক পূব দিল্লী সমষ্টিত টিকট প্ৰদান কৰে।
২০১৯ৰ নিৰ্বাচনত গম্ভীৰে আম আদমি পাৰ্টীৰ আতিশী মাৰ্লিন আৰু কংগ্ৰেছৰ অৰবিন্দৰ সিং লাভলীক পৰাস্ত কৰি সংসদলৈ নিৰ্বাচিত হৈছিল।