ISHAN NEWS – Always One Step Ahead of Time…

২০১৯ৰ পৰা এতিয়ালৈকে ক্ৰয় হৈছে মুঠ ২২,২১৭টা বণ্ড : সৰ্বোচ্চ ন্যায়লয়ত SBI-ৰ শপতনামা ।

0 424

নিৰ্বাচনী বণ্ড সন্দৰ্ভত ভাৰতীয় ষ্টেট বেংকে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে শপতনামা। এছ বি আইৰ অধ্যক্ষ দীনেশ কুমাৰ খাৰাৰ হৈ এই শপতনামা দাখিল কৰা হৈছে।

শপতনামাত কোৱা হৈছে যে ১৫ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ মানি চলিছে বেংকে। এছ বি আইয়ে এটা পেন ড্ৰাইভত দুটা পি ডি এফ ফাইল তৈয়াৰ কৰি এই তথ্য উচ্চতম ন্যায়ালয়ক প্ৰদান কৰিছে। দুয়োটা PDF ফাইল পাছৱৰ্ড সুৰক্ষিত।

শপতনামাত আৰু কোৱা হৈছে যে ওপৰৰ নিৰ্দেশনাসমূহ সন্মানজনকভাৱে পালন কৰি ১২.০৩.২০২৪ তাৰিখে ব্যৱসায়িক সময় বন্ধ হোৱাৰ পূৰ্বে ভাৰতীয় নিৰ্বাচন আয়োগক এই তথ্য উপলব্ধ কৰা হৈছিল।

প্ৰতিটো নিৰ্বাচনী বণ্ড ক্ৰয়ৰ তাৰিখ, ক্ৰেতাৰ নাম আৰু ক্ৰয় কৰা নিৰ্বাচনী বণ্ডৰ মূল্য উল্লেখ কৰা হৈছে।

ভাৰতীয় ষ্টেট বেংকে দিয়া শপতনামা অনুসৰি ০১.০৪.২০১৯ৰ পৰা ১৫.০২.২০২৪লৈকে মুঠ ২২,২১৭টা বণ্ড ক্ৰয় কৰা হয়। ইয়াৰে ২২,০৩০টা বণ্ড ৰিডিম কৰা হৈছিল।

Leave A Reply

Your email address will not be published.