২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল ২০২৪)। কিন্তু ইয়াৰ পূৰ্বে ঋষভ পন্ত নেতৃত্বাধীন দিল্লী কেপিটেলছৰ দলটোৱে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে।
৪ কোটি টকা ব্যয় কৰি দিল্লী কেপিটেলছত অন্তৰ্ভুক্ত হোৱা ইংলেণ্ডৰ তাৰকা বেটছমেন হেৰী ব্ৰুক আই পি এলৰ পৰা বাহিৰ হৈছে।
ইংলিছ ক্ৰিকেটাৰগৰাকীয়ে ব্যক্তিগত কাৰণত আই পি এল ২০২৪ৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰা বুলি জানিব পৰা গৈছে।
ইংলেণ্ডৰ এই ষ্টাৰ বেটছমেনজনক দিল্লী কেপিটেলছে ৪ কোটি টকাত ক্ৰয় কৰিছিল। যোৱা বছৰ আই পি এলত তেওঁৰ প্ৰদৰ্শন অতি দুৰ্বল আছিল।
২০২৩ চনৰ ছিজনত হেৰী ব্ৰুকক ছানৰাইজাৰ্ছ হায়দৰাবাদে ১৩.২৫ কোটি টকাৰ বিপুল মূল্যত ক্ৰয় কৰিছিল। কিন্তু ২১তকৈ কম গড়ে মাত্ৰ ১৯০ ৰানহে কৰিব পাৰিছিল। ফলত মিনি নিলামৰ পূৰ্বে ফ্ৰেঞ্চাইজিয়ে তেওঁক মুকলি কৰি দিয়ে।
ইয়াৰ পিছত দিল্লী কেপিটেলছে ২০২৪ বৰ্ষৰ বাবে তেওঁক ৪ কোটি টকাত ক্ৰয় কৰে।