বিৰোধীৰ মিত্ৰতাত শংকিত বিজেপি! ৭ জনৰ ৬ জনেই বঞ্চিত হ’ল টিকটৰ পৰা
লোকসভা নিৰ্বাচনৰ বাবে বুধবাৰে বিজেপিয়ে প্ৰকাশ কৰিলে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা। এই প্ৰাৰ্থীৰ তালিকাত নাম নাই বৰ্তমানৰ কেইবাজনো সাংসদৰ। বিশেষকৈ দিল্লীৰ ৭ গৰাকী সাংসদৰ ৬ জনেই বঞ্চিত হ’ল টিকটৰ পৰা।
২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে দিল্লীৰ আটাইকেইটা অৰ্থাত ৭টা সমষ্টিটেই জয়ী হৈছিল। কিন্তু এই ৭টা সমষ্টিৰ পৰা জয়ী হোৱা সাংসদৰ ৬ জনেই এইবাৰ টিকটৰ পৰা বঞ্চিত হ’ল।
চিনেমা জগতৰ পৰা বিজেপিলৈ অহা মনোজ তিৱাৰীয়েই একমাত্ৰ সাংসদ যিজনক পুনৰবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। আনহাতে টিকটৰ পৰা বঞ্চিত হোৱা সাংসদ কেইগৰাকী হ’ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ বৰ্ধন, মানীক্ষী লেখী, ৰমেশ বিধুড়ী আৰু পৰৱেশ চাহিব সিং বাৰ্মা। এই নেতা কেইজনে ২০১৪ আৰু ২০১৯ বৰ্ষৰ নিৰ্বাচনত জয়ী হৈছিল।
ইফালে ক্ৰিকেটাৰৰ পৰা ৰাজনীতিলৈ অহা গৌতম গম্ভীৰ আৰু গায়ক হংস ৰাজ হংসকো বিজেপিয়ে এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে।
অৱশ্যে গৌতম গম্ভীৰ আৰু হৰ্ষ বৰ্ধনে কিছু দিন পূৰ্বে নিজেই ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
বিজেপিয়ে এইবাৰ দিল্লীত প্ৰাৰ্থিত্ব প্ৰদান কৰা নেতাসকল হ’ল সুষমা স্বৰাজৰ কন্যা বানছুৰি স্বৰাজ, যোগেন্দ্ৰ চন্দোলিয়া, হৰ্ষ মলহোত্ৰা, ৰামবীৰ সিং বিধুড়ী, প্ৰবীন খণ্ডেলৱাল আৰু কমলজীত সহৰাৱত।
উল্লেখ্য যে, দিল্লীত কংগ্ৰেছ আৰু আম আদমি পাৰ্টীৰ মাজত হৈছে মিত্ৰতা। দিল্লীত আপে চাৰিটা আৰু কংগ্ৰেছ দলে তিনিটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ২০১৯ৰ নিৰ্বাচনত আপে ১৮ শতাংশ আৰু কংগ্ৰেছে ২২ শতাংশ ভোট লাভ কৰিছিল।
ইয়াৰ পূৰ্বে ২০১৪ চনত আপে ৩৩ শতাংশ আৰু কংগ্ৰেছে ১৫ শতাংশ ভোট লাভ কৰিছিল। কিন্তু এইবাৰ দুয়োটা দলে মিত্ৰতা কৰাত বিৰোধীৰ ভোট বিভাজন ৰোধ হ’ব আৰু বিজেপিৰ বাবে ই হ’ব প্ৰত্যাহ্বান। সেই কথা অনুধাৱন কৰিয়েই বিজেপিয়ে দিল্লীত ৬ গৰাকীকৈ নতুন মুখক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।